নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপসী বিমানবন্দৰৰ নাম সলনিৰ বিৰোধিতা বিমানবন্দৰ নাম সুৰক্ষা সমিতিৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : ৰূপসী বিমানবন্দৰৰ নামটো যদি অসম চৰকাৰে বাহাল নাৰাকে তেন্তে হাত সাৱটি বহি নাথাকে বুলি এখন সংবাদ মেলত সদৰী কৰে ৰূপসী বিমানবন্দৰ নাম সুৰক্ষা সমিতিৰ সভাপতি ৰঘুৰঞ্জন বেপাৰীয়ে। ধুবুৰী জিলাৰ আগমণি চিলাৰায় পাৰ্কত আয়োজিত সংবাদ মেলত কয় যে ঐতিহাসিক আৰু গৌৰৱময় বিমানবন্দৰটোৰ ৰূপসী নামটো অত্ৰ অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাসত সন্নিবিষ্ট হোৱা নাম। এই নামটো পৰিৱৰ্তন কৰা মানে এটা জনগোষ্ঠীক আঘাত কৰা হব। সেহে নাম সুৰক্ষা সমিতিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সজাতি দলে উক্ত নামটো বাহাল ৰখাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। আনকি স্মাৰক পত্ৰখন প্ৰদান কৰাৰ সময়ত ৰূপসী নামটো পৰিৱৰ্তন নকৰি তথা ৰূপসী নামটো পুনৰ বাহাল ৰাখিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়েও দলটোক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলিও সংবাদ মেল খনত উল্লেখ কৰে সভাপতি ৰঘুৰঞ্জন বেপাৰীয়ে। অৱশ্যে বড়ো জনগোষ্ঠীৰ ধৰ্মগুৰু কালিচৰণ ব্ৰহ্মক সন্মান কৰোঁ বুলি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক বা গৌৰৱক ধ্বংস কৰিবলৈ দিব নোৱাৰো। বিটিএডিত বহু উন্নয়নমূলক কামত ধৰ্মগুৰুজনৰ নামটো সন্নিবিষ্ট কৰি সন্মান জনাবলৈ চৰকাৰক আহ্বান জনায় দলটোৱে। কাৰণ কমতাপুৰৰ ৰজা তথা কোচ ৰজা জগদ্বিপেন্দ্ৰ নাৰায়ণৰ দ্বিতীয় পত্নী ৰূপসীৰ নামাকৰণৰে কৰা বিমানবন্দৰটো আমি বিনাকাৰণত সলনি কৰিব দিব নোৱাৰি বুলি কয়। আনকি ৰজাগৰাকীয়ে তেতিয়াই ঐতিহাসিক বিমানবন্দৰটো নিৰ্মাণ কৰাৰ বাবে ৫৭০০ বিঘা মাটি দান কৰি পত্নীৰ নামত নামকৰণ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বহু দেশৰ যুদ্ধবিমান আদি এইটো বিমানবন্দৰ ব্যৱহাৰ কৰিছিল। সেহে ইতিহাস সলনি কৰি জনগোষ্ঠীৰ গৰিমা বিনষ্টৰ লগতে জনগোষ্ঠীটোক অপমান কৰা কোনো কাম কৰিবলৈ দিয়া নহয় বুলিও সংবাদ মেলখনত উল্লেখ কৰে ৰঘুৰঞ্জন বেপাৰীয়ে। আমাৰ ঐতিহ্য যদি মুখ্যমন্ত্ৰীয়ে ধ্বংস কৰিব বিচাৰে তেন্তে আমি হাতসাৱটি বহি কেতিয়াও নাথাকো। অত্র অঞ্চলৰ গৰীয়া মৰীয়াকে আদি কৰি বিভিন্ন দল সংগঠনকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সকলো সংগঠনে আলোচনা কৰি পৰৱৰ্তী কালত আন্দোলনৰ পথ লব বুলি সকীয়নি দিয়ে সংবাদ মেলখনত। ৰূপসী বিমানবন্দৰ নাম সুৰক্ষা সমিতিৰ সভাপতিৰ ৰঘুৰঞ্জন বেপাৰীৰ উপৰি সম্পাদক অলোকেশ ৰায় আৰু ৰঞ্জিত কুমাৰ ৰায় উপস্থিত থাকে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰায়

You might also like