নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰা আব্দুল-ছাইফুল আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা,  ৪ ছেপ্টেম্বৰ : ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰা ঘটনাৰ খবৰে সমগ্ৰ ৰাজ্যক জোকাৰি যোৱাৰ সময়তে শোণিতপুৰ জিলাৰ মিছামাৰীতো এক ঘটনা পোহৰলৈ আহিছে ৷ জিলাখনৰ তেজপুৰ, ৰঙাপৰা অঞ্চলৰ সমান্তৰালকৈ মিছামাৰীতো ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা ২ যুৱকক আৰক্ষীয়ে আজি আটক কৰিবলৈ সক্ষম হয় ৷ মিছামাৰী থানাৰ অন্তৰ্গত দুই নম্বৰ ধানমৰা গাঁৱৰ আব্দুল কাদিৰ ওৰফে বাবুল আৰু ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত দুই নম্বৰ ৰঙাগড়া গাঁৱৰ ছাইফুল ইছলামক মিছামাৰী থানাৰ আৰক্ষীয়ে আটক কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৮৯/২৪ ইউ/এছ ৩১৬(২)/৩১৮(৪)আৰ/ডব্লিউৰ ২১ (১)/২১(২)/২১(৩) ধাৰাত গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰি অঞ্চলটোৰ বিভিন্নজনক সৰ্বস্বান্ত কৰা দুই যুৱকক আৰক্ষীয়ে আটক কৰা বাতৰিয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰেৰক বগা তপ্ন

You might also like