১০০গৰাকী মহিলাক লৈ ‘টাইম’ৰ বিশেষ সংখ্যা
শতিকাৰ প্রতিটো বর্ষৰ একোগৰাকী নাৰীক বাছনি
নিয়মীয়া বাৰ্তা, ৭ মার্চঃ জনপ্রিয় আন্তর্জাতিক বার্তালোচনী ‘টাইম’–এ ১০০গৰাকী মহিলাক লৈ ‘পার্ছন অৱ দ্য ইয়াৰ’ সংখ্যা প্রকাশ কৰি উলিয়াইছে ৷ উল্লেখনীয় যে বিগত শতিকাটোত এই মহিলাসকলে বিভিন্ন ক্ষেত্রত অৰিহণা আগবঢ়াই আহিছিল যদিও ‘টাইম’–এ কেৱল পুৰুষসকলৰ কর্মৰাজিক গুৰুত্ব প্রদান কৰি আহিছিল ৷ ১৯২০ চনৰ পৰা ২০১৯লৈ ১০০গৰাকী নাৰীক বার্তালোচনীখনে বাছনি কৰি উলিয়াইছে ৷ এই নাৰীসকলৰ সংক্ষিপ্ত জীৱনী প্রকাশ কৰা হৈছে এই বিশেষ সংখ্যাত৷ স্মর্তব্য যে বিগত ১০০ বছৰতকৈ অধিক কালত ‘টাইম’ বার্তালোচনীয়ে মাত্র ১১গৰাকী মহিলাক ইয়াৰ বকলা পৃষ্ঠাত স্থান দিছিল৷ ১৯৯৯ চনলৈ ‘টাইম’–এ বছৰি ‘মেন অৱ দ্য ইয়াৰ’ বাছনি কৰি আহিছিল৷ কিন্তু পৰৱর্তী বর্ষটোৰ পৰা বার্তালোচনীখনে ‘পার্ছন অৱ দ্য ইয়াৰ’ সন্মান প্রদান কৰিবলৈ লয়৷ শেহতীয়া এই বিশেষ নাৰী সংখ্যাত মেৰিলীন মন’ৰোৰ পৰা মিচেল অ’বামালৈ বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত মহিলাৰ জীৱনী সন্নিৱিষ্ট কৰা হৈছে৷ ১৯২০ৰ ছাফৰেজিষ্টৰ পৰা গ্রেটা থুনবার্গলৈকে বিদুষী তথা সংগ্রামী মহিলাসকলেও এই সংখ্যাত স্থান লাভ কৰিছে ৷