নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে জীপাল শিৱসাগৰ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ সংগীত জগতৰ মহানায়ক, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজী, ৰচনাৰাজীৰ এটি বৌদ্ধিক বিশ্লেষণ, গৱেষণামূলক অধ্যয়ন হ’ব লাগে- এই মন্তব্য শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড০ সব্যসাচী মহন্তৰ। শিৱসাগৰ যুৱদলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক ওপজা দিনৰ সমন্বয় দিৱসত উদ্ধোধন কৰি দিয়া ভাষণত নিবন্ধকাৰ ড০ মহন্তই আৰু কয় যে ভূপেন হাজৰিকাৰ প্ৰতিটো গীত-মাত, কথা, সুৰ, তালমান সকলো প্ৰকৃত ৰূপত প্ৰতিজন অসমীয়াই সংৰক্ষণ কৰিব লাগে আৰু অনুশীলন কৰিব লাগে। ভূপেন হাজৰিকাৰ বিভিন্ন কৰ্মৰাজিক সোঁৱৰণ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ভূপেন হাজৰিকাই ওৰেটো জীৱন অসমীয়া আৰু অসমীয়া জাতিটোৰ হকে নিৰবিছিন্নভাৱে কাম কৰি গৈছিল। বিশ্বৰ দৰবাৰত ভূপেন হাজৰিকাই অসমীয়াৰ গীত-মাতেৰে অসমীয়া আৰু অসমীয়া জাতিটোক বিশ্বৰ আগত পৰিচয় কৰি থৈ গৈছে। সেয়েহে এই মহান ব্যক্তিজনক অসমীয়া জাতিয়ে জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰে। অনুষ্ঠান উদ্ধোধনৰ পাছতেই ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষে কেক কটা পর্বত ড০ সব্যসাচী মহন্ত, ড০ জেহিৰুদ্দিন খান, জ্যেষ্ঠ সাংবাদিক এম.আই. বড়া, বকুল বৰঠাকুৰ, ডাঃ দ্বিজেন কোচ, ডাঃ প্রদীপ কুমাৰ গগৈকে আদি কৰি বহুসংখ্যক লোক উপস্থিত থাকে। উক্ত অনুষ্ঠানতেই বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এন.ই.ভাৰত২৪ চেনেলৰ পৰিচালন সঞ্চালক দুলাল বৰা, সমাজ সংগঠক বকুল বৰঠাকুৰ, পুলিন হাজৰিকা, নিউজ লাইভৰ জ্যেষ্ঠ ব্যুৰ চিফ তথা অডিঅ’ চিটিৰ স্বত্বাধিকাৰ অতনু বৰা, ডাঃ দ্বীজেন কোঁচ, ডাঃ প্রদীপ কুমাৰ গগৈ, অসম চৰকাৰৰ ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বিনীতা শ‍ইকীয়া দে, উদ্যোগপতি তফিকুদ্দিন আহমেদ(চুফি), যুৱ ব্যৱসায়ী কামাখ্য মজিন্দাৰ বৰুৱাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি বিশেষ সন্মান প্রদান কৰা হয়। তাৰ পাছতেই দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ নৃত্যকলা একাডেমিৰ নৃত্যশিল্পীসকল আৰু অধ্যাপ্রিয়া দত্তই ভূপেন হাজৰিকা গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে। সংঘৰ প্ৰয়াত সভাপতি ৰতন শ‍ইকীয়াৰ সোঁৱৰণত অনুষ্ঠিত হোৱা সুধাসন্ধ্যা নামৰ অনুষ্ঠানটো গৌৰীশংকৰ বৰা, জান্তুমনি শ‍ইকীয়া দাস, মিলি দৌল্লা, ৰাজকুমাৰী ফাল্গুনী, চয়ানিকা বসুমতাৰী, শিল্পী বুঢ়াগোঁহাই, দেৱলীনা দেউৰী, প্রজ্ঞা কোঁৱৰ, ধ্যানীদৃষ্টি কাশ্যপ, আয়ান বড়া আৰু প্লাৱন ভূঞাই সুধাকণ্ঠৰ বহুকেইটা গীত পৰিবেশন কৰে। অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই সংগীতৰ মহানায়কগৰাকীৰ বহুকেইটা কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে ভূপেন হাজৰিকাৰ সান্নিধ্যৰ সম্পৰ্কেও উপস্থিত দর্শক-শ্রোতাক অৱগত কৰে। উল্লেখ্য যে ১৯৯০ চনৰ পৰা ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো শিৱসাগৰত উদ্‌যাপন কৰি আহিছে থানামুখ অঞ্চলৰ একমাত্ৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই। সমন্বয় দিৱসটি শিৱসাগৰ প্ৰেছ ক্লাৱৰ সহযোগিতাত শিৱসাগৰ যুৱদলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমগ্র অনুষ্ঠানটো পৰিচালনা কৰে জনপ্ৰিয় ঘোষিকা পপি দাসে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like