নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত আটক পাঁচ বাংলাদেশী নাগৰিক

🔹 মেঘালয়ৰ ডালু অঞ্চলৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : নিশা মানকাচৰ আৰক্ষীৰ নাকা তালাচীৰ সময়ত অসম-মেঘালয় সীমান্তৰ মানকাচৰৰ মীৰজুমলা পথত আটক কৰে বাংলাদেশী নাগৰিক ৫ জনক। ধৃত বাংলাদেশী নাগৰিককেইগৰাকীৰ দুজন পুৰুষ আৰু তিনিগৰাকী মহিলা। ধৃত বাংলাদেশী নাগৰিককেইজনে মেঘালয়ৰ ডালু অঞ্চলৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। নিশা প্ৰায় ১০ বজাত আৰক্ষীৰ নাকা তালাচীৰ সময়ত ধৃত বাংলাদেশীকেইগৰাকীয়ে মেঘালয়ৰ পৰা এখন টেম্পোৰে মানকাচৰত অহাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ধৃত বাংলাদেশী পাঁচগৰাকী ক্ৰমে আকাশ হুছেইন, ছফিকুল মণ্ডল, ছাবিনা আফতান, ছানতা বেগম আৰু পিংকী আখতাৰা বুলি জানিব পৰা গৈছে। বাংলাদেশী নাগৰিককেইগৰাকীক মানকাচৰ অভিমুখে লৈ অহা টেম্পোচালককো আটক কৰিছে । ধৃত টেম্পোচালকজন মানকাচৰ থানা এলেকাৰ পেছাৰকান্দি গাঁৱৰ আখিৰুল ইছলাম বুলি জানিব পৰা গৈছে। AS-17 C-3808 নম্বৰৰ টেম্পোৰে মেঘালয়ৰ পৰা মানকাচৰ অভিমুখে আহিছিল বাংলাদেশী পাঁচগৰাকী। সম্প্ৰতি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকে মানকাচৰ থানাত উপস্থিত হৈ ধৃতকেইজনক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like