নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ ৰাজপথত মাছৰ উজান… সবিশেষ জানিবলৈ ক্লিক কৰক

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ ৰূপহীহাটৰ শালপাৰাত আজি পুৱতিনিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ উক্ত পথ দুৰ্ঘটনাৰ ফলত শালপাৰা বজাৰৰ ৰাজ পথত চালানী মাছৰ উজান উঠিছে৷ মাছ কঢ়িওৱা টাটা মেজিক বাহনৰ চকা ফুটি ৰাজ্যিক ঘাইপথত বাগৰি পৰিছিল গাড়ীখন৷ নগাঁৱৰ পৰা তেজপুৰ অভিমুখী মাছ ভৰ্তি বাহখন দুৰ্ঘটনাগ্ৰস্থ হোৱাত ৰাজপথতে মাছৰ উজান হয়৷ লক্ষাধিক টকাৰ মাছ এই দৰে ৰাস্তাত পৰি থকা দেখি স্থানীয় ৰাইজে পথৰ পৰা উদ্ধাৰ কৰে মাছসমূহ৷ দূৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ এএছ-১২-চিচি-২৯১০৷ উক্ত পথ দুৰ্ঘটনাত আহত হয় মাছভৰ্তি বাহনখনৰ চালকজন৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like