নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত বিশ্ব গঁড় দিৱস উদযাপন : গঁড় সুৰক্ষাৰ বিশেষ পদক্ষেপ

নিয়মীয়া বার্তা, ২২ ছেপ্টেম্বৰঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহকো নেওচি আজি কাজিৰঙাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত তথা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কৰবেট ফাউণ্ডেশ্যন, কাজিৰঙা পয্যটন ব্যৱসায়ী কল্যান চচাইটি, অৰণ্যক, ভূমি আদি সংগঠনৰ সহযোগত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস উদযাপন কৰা হয়। সেই উপলক্ষ‍ে বোকাখাতৰ পৰা এখন সু-সজ্জিত  বাহনেৰে এটা বিশাল গঁড়ৰ প্ৰতিকৃতি লৈ  কঁহৰালৈকে ২১ কিঃমিঃ পথ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। বিশ্ব গঁড় দিৱস উপলক্ষে আজি পুৱা বোকাখাতৰ ধনশিৰিমুখৰ পৰা উলিওৱা সজাগতা ৰেলীত বোকাখাত পৌৰসভা, কৰবেট ফাউণ্ডেচন, জীপ চাফাৰী সন্থা, গঁড় সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। পথত বিভিন্ন স্থানত ৰাইজে গামোচাৰে গঁড়ৰ প্ৰতিকৃতিক আদৰণি‍ জনায়। লগতে স্থানীয় শিল্পী সকলে বিভিন্ন গীত পৰিৱেশন কৰে। ইফালে, স্থানীয় ৰাইজে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত লোৱা প্ৰশংসনীয় পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালভাৱে গঁড়ৰ প্ৰতিকৃতি লৈ কঁহৰাত উপস্থিত হয়হি বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী বনসংমণ্ডল দুটাকৈ শোভাযাত্ৰা। উল্লেখযোগ্য যে আজি বিশ্ব গঁড় দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ প্ৰকল্পৰ অধীনৰ ক্ৰমে বোকাখাত বিশ্বনাথ আৰু নগাঁও বন্যপ্ৰাণী বন সংমণ্ডলৰ পৰা কঁহৰালৈ তিনিটা পৃথকে শোভাযাত্ৰা উলিওৱা হয়। বিয়লি কহঁৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় গঁড় সুৰক্ষাৰ সজাগতা সভা। উক্ত সভাত উপস্থিত থাকে সাংসদ কামাখ্যাপ্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, অৱসৰপ্ৰাপ্ত প্ৰধান মূখ্য বন সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰ। এই বিশিষ্ট ব্যক্তিসকলে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহ উপস্থিত ৰাইজৰ আগত বাখ্যা কৰে। উক্ত সভাত জীপ চাফাৰী সন্থাৰ সদস্যৰ লগতে কাজিৰঙা পয্যটন ব্যৱসায়ী চচাইটি, বনকৰ্মীসকল উপস্থিত থাকে। লগতে সঞ্চালক ডঃ সোণালী ঘোষ, ডি এফ অ’ অৰুণ ভিগ্নিশককে ধৰি উচ্চপদস্থ বনবিষয়াসকল উপস্থিত থাকে৷ উক্ত সভাতে যোৰহাটৰ বিশিষ্ট লেখিকা শান্তা শর্মাৰ ‘বার্ডচ অৱ আচাম’ আৰু ইন্দ্ৰাণী ফুকনৰ ‘ফীচেচ অৱ আচাম’ নামৰ দুখন গ্ৰন্থ উন্মােচন কৰাৰ লগতে ‘কীপ দ্য ফাইভ এলাইভ’ নামৰ গঁড় সংৰক্ষণ সম্পর্কীয় এখন পুস্ত‍িকাও উন্মোচন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ উল্লেখ্য যে কাজিৰঙা সম্প্ৰতি ২৬১৩টা গঁড়ৰ বসতিস্থল৷
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like