নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-নিৰ্বাচনত ৪টা সমষ্টিত মিত্ৰজোঁটৰ বিজয় নিশ্চিত

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ “লোকসভাত আমি যিমান ভোট পাইছোঁ তাৰে ৭৫ শতাংশ আমি সদস্য ৰূপে ভৰ্তি কৰাৰ বাবে আমি সংকল্পবদ্ধ আৰু তাৰ বাবে আমি দৈনন্দিন কাম কৰি আছোঁ।” এই ভাষ্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দ্বিতীয়বাৰৰ বাবে ধুবুৰী জিলাৰ অভিভাবক মন্ত্ৰীৰ দায়িত্ব লাভ কৰা দাসে আজি দুপৰীয়া ধুবুৰীৰ টাউন হোটেল সভাকক্ষত নতুন সদস্য ভৰ্তিকৰণৰ ওপৰত ধুবুৰী জিলা বিজেপিৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত উপস্থিত সাংবাদিকৰ সন্মুখত ৰাজ্যজুৰি চলি থকা বিজেপিৰ সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়াৰ মূল লক্ষ্যৰ বিষয়টো বেকত কৰে। আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উজনি অসমত দলীয় সদস্য ভৰ্তিকৰণৰ গতি লেহেমীয়া হোৱা নাই বুলি দাবী কৰে তেওঁ আৰু ইয়াৰ যুক্তি ৰূপে যোৱাকালিলে উজনি অসমৰ কেইটামান গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ নতুন সদস্য ভৰ্তিৰ সংখ্যাৰ খতিয়ান দাঙি ধৰে। আনহাতে আগত উপ-নিৰ্বাচনত ৫টা বিধানসভা সমষ্টিৰ ৪টাত বিজয় নিশ্চিত বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে উপ-নিৰ্বাচনত চামগুৰি সমষ্টিতো বিজয়ী হোৱাৰ বাবে প্ৰয়াস চলাই থকা বুলিও মন্তব্য কৰে তেওঁ। আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উপ-নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিত বিজয় নিশ্চিত বুলি মন্তব্য কৰে তেওঁ। উল্লেখ্যে যে আজিৰ সেই দলীয় সাংগঠনিক বৈঠকখনৰ পূৰ্বে ধুবুৰী আৱৰ্ত ভৱন প্ৰেক্ষাগৃহত ধুবুৰী জিলা আয়ুক্ত দিৱাকৰ নাথ আৰু জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা-বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত ৩৩ টাকৈ বিভাগৰ কামৰ পৰ্যালোচনা কৰে লয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু তিনিটাকৈ বিশেষ বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি, জিলাখনত আগন্তুক দিনত ইয়াত ৫৮খন গ্ৰাম্য অৰণ্য স্থাপন কৰাৰ বাবে জিলা আয়ুক্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু বন বিভাগৰ লগতে আন বিভাগ সমূহে ঐক্যবদ্ধ ভাৱে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি, পৌৰসভাই যিকোনো কাম কৰাৰ আগতে জিলা আয়ুক্তৰ অধ্যক্ষতাত পৌৰসভা, নগৰ আৰু গাঁও পৰিকল্পনা, অসম আৰু লোক নিৰ্মাণ বিভাগ একত্ৰিত হৈ আলোচনাৰ মৰ্মে অনুমোদন লোৱাৰো সিদ্ধান্ত লোৱা হয়। ইয়াৰোপৰি, আগন্তুক দিনত ধুবুৰী জিলাত বাদাম খেতি কৰিবলৈ খেতিয়কসকলক আকৃষ্ট কৰাৰ বাবে কৃষি বিভাগক আজি নিৰ্দেশ প্ৰদান কৰে জিলাখনৰ অভিভাবক মন্ত্ৰী দাসে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like