নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিৰ কাৱৈমাৰীত চোৰাং আলকাতৰাৰ বৃহৎ ঘাটি উচ্ছেদ

🔹 চোৰাং আলকাতৰা বেপাৰী জয়নাল আবেদিনক আটক

🔹 পলাতক মূল অভিযুক্ত তফজ্জুল হক

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰীত চোৰাং আলকাতৰাৰ বৃহৎ ঘাটি উচ্ছেদ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে ১৯টাকৈ আলকতৰাভৰ্তি ড্ৰাম ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান চলাই আটক কৰে জয়নাল আবেদিন নামৰ এটা চোৰাং আলকাতৰা বেপাৰীক ৷ বৰ্তমানেও পলাতক মূল অভিযুক্ত তফজ্জুল হক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত কাৱৈমাৰীৰ নাথ ধাবাৰ পাছফালৰ পথাৰৰ পৰাই আলকাতৰাৰ চোৰাং ব্যৱসায়েৰে দ্ৰুতগতিত মাহে লাখ লাখ টকা উপাৰ্জন কৰি বিলাসী জীৱন কটাইছিল চোৰাং আলকাতৰা বেপাৰী তফজ্জুল হকে ৷ চোৰাং আলকাতৰাৰ ব্যৱসায় কৰা তফজ্জুল হক এতিয়া কোটিপতিত পৰিণত হ’ল৷ দুষ্ট চক্ৰৰ লগত জড়িত চোৰাং বেপাৰী তফজ্জুলৰ বৰ্তমান আছে কেইবাখনো দামী গাড়ী, কেইবা স্থানত মাটি। ঢেকীয়াজুলিৰ গাভৰু নদীৰ সমীপত থকা নাথ ধাবাৰ পাছফালে থকা পথাৰৰ পৰাই চোৰাং বেপাৰ আৰম্ভ কৰি তফজ্জুল হৈ পৰে কোটিপতি ৷ চোৰাং ব্যৱসায়ী তফজ্জুলৰ সহযোগী আছিল আটকাধীন জয়নাল৷ আটকাধীন জয়নালে চোৰাং ব্যৱসায়ী তফজ্জুলে আলকাতৰাৰ চোৰাং ব্যৱসায় চলাই থকাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে চোৰাং বেপাৰী জয়নালক আটক কৰি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰিছে । গাভৰু নদীৰ কাষতেই অৱস্থিত নাথ ধাবাৰ পাছফালে দিনে-নিশাই আলকাতৰা আৰু চোৰাং তেলৰ ৰমৰমীয়া বেপাৰ চলি আছিল যদিও আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ৷ অৱশেষত ঠেলামৰা আৰক্ষীয়ে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত উৎখাত কৰে আলকাতৰাৰ চোৰাং ঘাটি৷ অৱশ্যে বৰ্তমানেও পলাতক হৈ আছে তফজ্জুল হক নামৰ মূল চোৰাং আলকাতৰা বেপাৰীটো ৷ আৰক্ষীয়ে অভিযান চলাই উক্ত দুষ্ট চক্ৰৰ লগত জড়িত ঠেলামৰাৰ কাঠনিবাৰী গাঁৱৰ প্ৰয়াত আব্দুল জব্বৰৰ পুত্ৰ জয়নাল আবেদিন নামৰ চোৰাং বেপাৰীটোক আটক কৰাৰ লগতে ধাবাখনৰ পাছফালৰ পৰা জব্দ কৰিছে ১৯টাকৈ আলকাতৰাভৰ্তি ড্ৰাম ৷ বৰ্তমান পলাতক হৈ থকা মূল অভিযুক্ত তফজ্জুল হকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলিছে স্থানীয় ৰাইজে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like