CBIৰ জালত হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ প্ৰাক্তন CMDসহ ৪ শীৰ্ষ বিষয়া
কাছাৰ কাগজ কলত ৬৪কোটি টকীয়া বাঁহ ক্ৰয় কেলেংকাৰি
নিয়মীয়া বাৰ্তা, ৮মার্চঃ ৰাজ্য তোলপাৰ লগোৱা কাছাৰ কাগজ কলৰ বাঁহ ক্ৰয় কেলেংকাৰিৰ তদন্তই নতুন মোৰ লৈছে। ৬৪.৪৯ কোটি টকীয়া বিয়াগোম কেলেংকাৰিটোৰ তদন্তৰ দায়িত্বত থকা CBIৰ জালত পৰিছে হিন্দুস্তান পেপাৰ কৰ্পৰেচন লিমিটেডৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰ্থাৎ CMD এম ভি এন ৰাওসহ ৪জনকৈ শীৰ্ষ বিষয়া। কাছাৰ কাগজ কলৰ বাবে বাঁহ ক্ৰয়ৰ বিপৰীতে তদানীন্তন উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদ তথা বর্তমানৰ ডিমা হাছাও জিলা স্বায়ত্তশাসিত পৰিষদক ধন আদায় দিয়াক লৈ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সন্দর্ভত তদন্ত চলাই চি বি আয়ে গ্রেপ্তাৰ কৰা আন শীর্ষ বিষয়াকেইজন হ’ল এইচ পি চি এলৰ তেতিয়াৰ সঞ্চালক (অপাৰেচন) এছ এন ভট্টাচার্য, সঞ্চালক (বিত্ত) অমিতাভ বেনার্জী আৰু কোম্পানী সচিব এল আৰ একনাথ৷ এইচ পি চি এলৰ সেই সময়ৰ সেই চাৰি শীর্ষ বিষয়াক গ্রেপ্তাৰ কৰাৰ পাছতেই বিয়াগোম কেলেংকাৰিটোত সাঙোৰ খাই থকা কাছাৰ কাগজ কলৰ প্রাক্তন মুখ্য কার্যবাহী প্রতাপ গোস্বামী, ভাৰপ্রাপ্ত মুখ্য কার্যবাহী টি আৰ গৌড়া আৰু হিল ট্রেড এজেন্সীৰ স্বত্বাধিকাৰ তথা বহু বিতর্কিত ব্যৱসায়ী আৰ এছ গান্ধীৰ লগতে আন কেইবাজনো বিষয়া বিপদত পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখ্য যে ১৯৮০ চনত তদানীন্তন উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদ আৰু এইচ পি চি এল কর্তৃপক্ষৰ মাজত পৰৱর্তী ৩০ বছৰৰ বাবে কাছাৰ কাগজ কললৈ বাঁহ যোগান ধৰা সন্দর্ভত এখন চুক্তি সম্পাদন হৈছিল৷ ১৯৮২ চনত এই চুক্তিখন কার্যকৰী হয় আৰু ২০১২ চনলৈ ই অব্যাহত থাকে৷ চুক্তি অনুসৰি ২০০৬ চনপর্যন্ত এইচ পি চি এলে নিজাববীয়াকৈ বাঁহ কাটি কাছাৰ কাগজ কললৈ সেয়া পৰিবহণ কৰিছিল৷ ইয়াৰ বাবদ চুক্তি অনুসৰি উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদক এইচ পি চি এলে আদায় দিছিল নির্ধাৰিত পৰিমাণৰ ৰয়েল্টী৷ কিন্তু ২০০৬ চনত এইচ পি চি এল আৰু উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ মাজত এখন পৰিপূৰক চুক্তি স্বাক্ষৰ হয়৷ এই চুক্তিখনৰ জৰিয়তে বাঁহ কটা আৰু পৰিবহণৰ কাৰণে উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদে হিল ট্রেড এজেন্সী নামৰ প্রতিষ্ঠানটোক ছাব–কনট্রেক্টৰ হিচাপে নিযুক্তি দিয়ে৷ সেই সময়ত উত্থাপিত অভিযোগ অনুসৰি বাঁহ কটা আৰু পৰিবহণ প্রক্রিয়াটোত হিল ট্রেড এজেন্সীৰ অন্তর্ভুক্তিয়েই আছিল বিয়াগোম কেলেংকাৰিটোৰ প্রধান কাৰণ৷ হিল ট্রেড এজেন্সীক ছাব–কনট্রেক্টৰ ৰূপে নিযুক্তি দিয়াৰ পাছতেই বাঁহ যোগান আৰু পৰিবহণৰ বিপৰীতে পূর্বতকৈ অধিক পৰিমাণৰ ধন আদায় দিবলগীয়া হৈছিল৷ ২০১১ চনৰ ১৬ ফেব্রুৱাৰীত উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদ আৰু এইচ পি চি এল কর্তৃপক্ষৰ মাজত অনুষ্ঠিত এখন বৈঠকত কাছাৰ কাগজ কললৈ যোগান ধৰা প্রতি মেট্রিক টন গ্রীন (এম টি জি) বাঁহৰ বিপৰীতে মূল্য নির্ধাৰণ কৰা হৈছিল ৩,২২৫ টকা৷ কিন্তু অতি আশ্চর্যজনকভাৱে মাত্র ১৪ দিনৰ ভিতৰতে প্রতি মেট্রিক টন এয়াৰ ড্রাইড (এম টি এ ডি) বাঁহ যোগানৰ মূল্য ৫,২৭৫ টকালৈ বৃদ্ধি কৰা হয়৷ লক্ষণীয়ভাৱে এই মূল্যৰ পৰা বাদ দিয়া হৈছিল আন–লোডিং আৰু মজুত ব্যয়ক৷ যিটোৱে দুয়োপক্ষৰ মাজত ২০১১ চনৰ ২ মার্চত সম্পাদিত আন এখন পৰিপূৰক চুক্তিক সম্পূর্ণৰূপে উলংঘা কৰিছিল৷ পিছে এই বিষয়টো এইচ পি চি এলৰ তেতিয়াৰ পৰিচালন কর্তৃপক্ষই কোনো কাৰণতে উত্থাপন কৰা নাছিল৷ তাৰ বিপৰীতে প্রতি এম টি এ ডি বাঁহৰ যোগান মূল্য চূড়ান্ত কৰা হৈছিল ৫,৯০০ টকাকৈ৷ চি বি আইৰ এজাহাৰত উল্লেখ কৰা অনুসৰি উচ্চ নিৰিখত বাঁহ ক্রয়ৰ পৰিণতিত ২০১১–১২ৰ পৰা ২০১৪–১৫ বিত্তীয় বর্ষৰ ভিতৰত এইচ পি চি এলৰ ৬৪.৪৯ কোটি টকাৰ লোকচান হৈছিল৷ তদুপৰি উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ হৈ হিল ট্রেড এজেন্সীয়ে কাছাৰ কাগজ কলক প্রয়োজনতকৈ বহু বেছি পৰিমাণৰ বাঁহ যোগান ধৰা দেখুওৱা হৈছিল৷ এই নীতি বহির্ভূত কার্যক নথি–পত্রই সঠিক দেখুৱাই কলকাতাস্থিত এইচ পি চি এলৰ কর্প’ৰেট মুখ্য কার্যালয়ৰ একাংশ শীর্ষ বিষয়াবর্গই পুঁজি মোকলাই দিছিল উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদ তথা হিল ট্রেড এজেন্সীক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রয়োজনীয় পুঁজিৰ অভাৱত বিগত দীর্ঘদিন ধৰি কাছাৰ কাগজ কলটোৰ উৎপাদন বন্ধ হৈ আছে৷ মাহৰ পাছত মাহ ধৰি দৰমহা নাপাই কাছাৰ কাগজ কলৰ বিষয়া–কর্মচাৰীসক দিন কটাবলগীয়া হৈছে যমৰ যাতনাৰে৷ কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিতকৰণৰ্ বিষয়টো সম্প্রতি আইনী জটিলতাৰ মাজত আছে৷ উক্ত বিয়াগোম বাঁহ ক্রয় কেলেংকাৰি ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠানটোৰ এনে অৱস্থাৰ অন্যতম মূল কাৰণ ৰূপে ইতিমধ্যে চিহ্ণিত হৈছে৷