নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থায়ী সম্পত্তি নিয়ন্ত্ৰণ কৰ্তৃপক্ষ আইন সন্দৰ্ভত ধুবুৰীত ভাব বিনিময় অধিৱেশন

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত কালি স্থায়ী সম্পত্তি নিয়ন্ত্ৰণ কৰ্তৃপক্ষ (নিয়ন্ত্ৰণ আৰু উন্নয়ন), আইন সন্দৰ্ভত অনুমোদক, বেংক প্ৰবন্ধক, অনুমোদিত অংশীদাৰ আৰু অন্যান্য অংশীদাৰৰ লগত এখন পাৰস্পৰিক ভাব বিনিময় অধিৱেশন অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত অসমৰ স্থায়ী সম্পত্তি নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অধ্যক্ষ পৱন বৰঠাকুৰ, ৰেৰা ( RERA)ৰ সচিব মুক্তা নাথ, কোকৰাঝাৰৰ টাউন আৰু নগৰ পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক গোবিন্দ সোণোৱাল, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে জিলা প্ৰশাসনৰ আমোলা-বিষয়াকে ধৰি বিল্ডাৰ, অনুমোদক, অনুমোদিত অংশীদাৰ, বেংক কৰ্মচাৰী, অন্যান্য অংশীদাৰসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like