নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত দিন-দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ

🔹 গঞাৰ ধাননি পথাৰ তহিলং : শংকিত ৰাইজ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : শোণিতপুৰৰ বালিপৰা অঞ্চলত আজি দিন-দুপৰতে এটা অকলশৰীয়া বন্যহস্তীয়ে মুক্ত বিচৰণ কৰাৰ ফলত অঞ্চলবাসী শংকিত হৈ পৰা পৰিলক্ষিত হয় । ৰাইজে জনোৱা মতে, আজি পুৱা ৯ মান বজাত চাৰিদুৱাৰ গড়মৰা দিশৰ পৰা পথাৰ অতিক্ৰম কৰি এটা বন্যহস্তীয়ে বালিপৰাৰ বোকাগাঁও, মাজুলীগাঁৱত প্ৰৱেশ কৰে। পিছত বন্যহস্তীটো পথাৰেৰে ক্ৰমান্বয়ে গমন কৰি মোলানপুখুৰীৰ জনাঞ্চলৰ মাজত প্ৰৱেশ কৰাৰ লগতে বালিপৰা-ধেমাজি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি প্ৰৱেশ কৰে বালিপৰাৰ বামগাঁৱৰ ৰে’লৱে লাইনৰ সমীপৰ ধাননি পথাৰত। ধাননি পথাৰৰ মাজৰ এটা পুখুৰীত জলকেলিও কৰে বন্যহস্তীটোৱে । বৰ্তমান হাতীটো বামগাঁৱৰ ধাননি পথাৰৰ মাজেদি বৈঠাভংগা দিশে গমন কৰিছে যদিও ৰাইজ শংকিত হৈ আছে । স্থানীয় বন বিভাগৰ দলে হাতীটোক জনাঞ্চলৰ পৰা নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । দিনৰ ভাগতে জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীটোক চাবলৈ বালিপৰাৰ বিভিন্ন অঞ্চলৰ লগতে বালিপৰা-তেজপুৰ সংযোগী ঘাইপথত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বালিপৰাৰ পৰা ৯ কিলোমিটাৰ দূৰৈত অৱস্থিত বালিপৰা সংৰক্ষিত বনাঞ্চল, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক বন্যহস্তীয়ে বিভিন্ন সময়ত অসম কটন মিলছ, শালবাৰী, ননকে বাকোলা, মৰিসুঁতি, গড়মৰা, মোলানগাঁও , বালিপৰাত সন্ত্ৰাস সৃষ্টি কৰি আহিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like