নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমভিত্তিত একাংক নাট প্ৰতিযোগিতাত হোজাইলৈ তিনিটা পুৰস্কাৰ

🔹 শ্ৰেষ্ঠ অভিনেতা অনুপ কুমাৰ বৰঠাকুৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত কালি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত হোজাই জিলাই তিনিটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । অসম চৰকাৰৰ দ্বাৰা ৰাজ্যিকভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত অসমৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে হোজাইৰ অস্তৰাগ নাটকৰ অভিনেতা অনুপ কুমাৰ বৰঠাকুৰে । আজি সন্ধিয়া ঘোষণা কৰা ফলাফল অনুসৰি, ৰাজ্যিক পর্যায়ৰ একাংকিকা নাট প্ৰতিযোগিতাত হোজাইৰ বিয়লিৰ শংখধ্বনি নামৰ নাটকখনে তৃতীয় স্থান লাভ কৰাৰ লগতে শ্রেষ্ঠ ৰূপসজ্জাৰ বাবে হোজাইৰ অস্তৰাগ নামৰ নাটকখন নিৰ্বাচিত হয়। ফলাফল অনুসৰি, এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল হিচাপে শোণিতপুৰ জিলাৰ প্ৰত্যাৱৰ্তনৰ পক্ষত সত্যই প্ৰথম, যোৰহাটৰ সপোন ভঙাৰ গানে দ্বিতীয় স্থান লাভ কৰাৰ লগতে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে শোণিতপুৰৰ প্রত্যাৱৰ্তনৰ পক্ষত সত্য নাটকৰ পৰিচালক ভৱানী ভূঞাই। শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে গীতা দাসে, শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ সন্মান লাভ কৰে অৰুণ ৰয় চৌধুৰীয়ে আৰু সহ: অভিনেত্ৰীৰ সন্মান লাভ কৰে নিজৰা হাজৰিকাই। শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰে আপোনৰ দাপোণ নাটকৰ পার্থ প্রতিম বৰুৱাই, শ্রেষ্ঠ দৃশ্যসজ্জাৰ সন্মান লাভ কৰে চাওলুং চুকাফা নাটকখনে। শ্রেষ্ঠ আৱহ সংগীতৰ সন্মান লাভ কৰে গুৱাহাটী মহানগৰৰ নাটকখনে ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like