নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদুৱাৰ বাগানত কৰম উৎসৱ উদযাপন

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ কলঘৰত আজি আদিবাসীসকলৰ অন্যতম পৰম্পৰাগত কৰম উৎসৱ উদযাপন কৰা হয় ৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, আঞ্চলিক আদিবাসী মহিলা পৰিষদৰ উদ্যোগত আৰু বৰদুৱাৰ-ভোলাগাঁও-ৰাণী আঞ্চলিক কৰম উৎসৱ উদযাপন সমিতিৰ সহযোগত আয়োজন কৰা অষ্টম বাৰ্ষিক উৎসৱৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মালব্য মাঝিয়ে ৷ তদুপৰি সংগঠনকেইটাৰ পতাকা উত্তোলন কৰে মাণিক উৰাং, জয়ন্ত তাঁতী আৰু সংগীতা উৰাঙে ৷ ইফালে, শ্বহীদ তৰ্পণ কৰে বাবুল ভূমিজ, বুদ্ধেশ্বৰ উৰাং আৰু জিতুমণি উৰাঙে ৷ আনহাতে, বৰদুৱাৰ চাহ বাগিচাৰ পৰিচালক উমেশ প্ৰসাদ সিঙে গছপুলি ৰোপণ কৰে ৷ বিশেষকৈ মানৱ কল্যাণৰ হেতু আদিবাসীসকলে যুগ যুগান্তৰৰ পৰা উদযাপন কৰি অহা উক্ত কৰম উৎসৱৰ মূল কাৰ্যসূচী অনুসৰি শোভাযাত্ৰা আৰু কৰম ডাইড় আদৰণিৰ লগতে যাৱতীয় পূজা-অৰ্চনা কৰা হয় ৷ তদুপৰি উক্ত উৎসৱৰ সৈতে সংগতি ৰাখি কৃতী ছাত্ৰ-ছাত্ৰী তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভা, যৌথ সংগ্ৰাম সমিতিৰ মোহন ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা উক্ত উৎসৱত নৃগোষ্ঠীয় লোককৃষ্টি প্ৰদৰ্শন কৰা হয় ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like