নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰ আৰক্ষীৰ সাফল্য : তেলৰ টেংকাৰত ২৯৬ কাৰ্টন অৰুণাচলী সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষীয়ে আজি পুৱা এখন অবৈধ মদ ভৰ্ত্তি ট্ৰেংকাৰ জব্দ কৰে ৷ অৰুণাচলৰ পৰা বিহাৰলৈ বুলি লৈ গৈ থকা অৱস্থাত ধলপুৰ আৰক্ষীয়ে গোপন সূত্ৰে পম খেদি ধলপুৰ আৰক্ষী চকীৰ সন্মুখত ট্ৰেংকাৰখন জব্দ কৰিবলৈ সক্ষম হয়। ডাব্লিউ বি-৫৫ জি-৯১২১ নম্বৰ হিন্দুঃস্থান পেট্ৰলিয়াম বুলি লিখা ১০ চকীয়া ট্ৰেংকাৰ খনৰ ভিতৰত ২৯৬ কাৰ্টুন অৰুণাচলী মদ জব্দ কৰে ৷ অতি কৌশলেৰে মদৰ বটল ভৰ্তি কৰি লৈ গৈছিল গাড়ীখন । গাড়ীখন ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত কোঁৱৰে বিশেষ তৎপৰতাত ধৰিবলৈ সক্ষম হয় ৷ গাড়ীখন ৰখাবলৈ আৰক্ষীয়ে সংকেত দিয়াৰ লগে লগে গাড়ীৰ ভিতৰৰ পৰা হেণ্ডিমেন জন জপিয়াই দিয়ে । ধলপুৰ আৰক্ষীয়ে গাড়ী খন জব্দ কৰাৰ লগতে চালক মুকেশ কুমাৰ কাচোৱান আৰু হেণ্ডিমেন অনিল কুমাৰক আতক কৰিছে । চালক হেণ্ডিমেন দুয়োজন বিহাৰৰ বৈশালী জিলাৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে ৱেষ্ট বেংগলৰ পঞ্জীয়নকৃত এই ট্ৰেংকাৰ খন তেল সৰ্বৰাহ কৰিবলৈ নহয় কেৱলমাত্ৰ বিহাৰলৈ অৰুণাচলীৰ অবৈধ সুৰা সৰবৰাহ বাবেহে ব্যৱহৃত কৰে ৷ অবৈধ মদ সৰবৰাহ কৰা এই বৃহৎ চক্ৰটোৰ লগত বহু লোক জড়িত বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like