নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক এথলেটিকছ খেলুৱৈৰ তালিকাত ধলপুৰৰ ভাৰ্গৱ বৰুৱা

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : অসম ৰাজ্যিক এথলেটিকছ দলৰ খেলুৱৈ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ বৰুৱাই ৷ ভাৰ্গৱ বৰুৱা লখিমপুৰ জিলা ধলপুৰৰ নিৱাসী প্ৰতিষ্ঠিত ব্যৱসায়ী দুনু বৰুৱা আৰু মল্লিকা গগৈ বৰুৱাৰ পুত্ৰ ৷ এথলেটিকছ খেলৰ প্ৰতি অতি আগ্ৰহী ভাৰ্গৱ হাৰমতী ডন বক্স স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ অসম চৰকাৰে আয়োজন কৰা “খেল মহাৰণ”ত বিহপুৰীয়া সমষ্টিৰ ভিতৰত প্ৰথম স্থান লাভ কৰি জিলা পৰ্যায়তো সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছিল । বিশেষ কাৰণবশতঃ ৰাজ্যিক পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হয় । জিলা ভিত্তিত আয়োজন কৰা বহুকেইখন খেলত স্বৰ্ণ পদক অৰ্জন কৰে ভাৰ্গৱ বৰুৱাই । ওড়িশাৰ  ভুবনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৩৫সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ-২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম এথলেটিকছ সন্থাৰ বাছনিত ধলপুৰৰ ভৰ্গৱৰ নাম সন্নিৱিষ্ট হোৱাৰ পাছতে ধলপুৰবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷ ওড়িশাৰ কলিংগ ষ্টেডিয়ামত ৭ অক্টোবৰৰ পৰা পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ উক্ত খেলত অংশগ্ৰহণৰ বাবে অসম এথলেটিকছ সন্থাই ৰাজ্যখনৰ পৰা ৬০গৰাকী খেলুৱৈ নিৰ্বাচন কৰি পঠিয়াইছে বুলি জানিব পৰা গৈছে । এই ৬০জনীয়া খেলুৱৈৰ ভিতৰত অন্যতম ধলপুৰৰ ভাৰ্গৱ ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like