নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ন-পুৰণিৰ সানমিহলিৰে ব্যতিক্রমী দুৰ্গা প্ৰতিমা

🔹 দিল্লী বিশ্ববিদ্যালয়ৰ চাৰুকলাৰ স্নাতক মন্দীপে জনালে শৈল্পিক যাত্ৰাৰ কথা

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষক তেওঁ; দিল্লী বিশ্ববিদ্যালয়ৰ চাৰুকলাৰ (fine arts) স্নাতক। শৈল্পিক তাগিদা তথা ন-পুৰণিৰ সানমিহলিৰে ধুবুৰীৰ মৃৎশিল্পৰ জগতখনলৈ এক নতুন ধাৰা অনাৰ উদ্দেশ্যে শিল্পীগৰাকী ধুবুৰীৰ কলেজ ৰোডত থকা পাৰিবাৰিক মৃৎশিল্পৰ কাৰখানাত বৰ্তমানে ব্যস্ত নতুন নতুন শৈলীৰ দুৰ্গা প্ৰতিমা নিৰ্মাণত। নাম তেওঁৰ মন্দীপ পাল। গুৱাহাটীৰ ডন বস্ক’ স্কুলৰ শিক্ষক তেওঁ। ইয়াৰ মাজতেই সময় উলিয়াই ধুবুৰীৰ পৰিয়ালৰ মৃৎশিল্পৰ কাৰখানাত দিনে-নিশাই ব্যস্ত নতুন ধাৰাৰ, শিল্পৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰাত। এফালে পেছাগত জীৱন, আনফালে শৈল্পিক সত্তাৰ তাগিদা। ফলত বৰ্তমান মন্দীপৰ সঘনে অহা-যোৱা চলিছে গুৱাহাটী-ধুবুৰীৰ মাজত। উল্লেখ্য যে ধুবুৰীৰ মন্দীপ পালৰ পৰিয়ালৰ বিবেকানন্দ ষ্টুডিঅ’ নামৰ মৃৎশিল্পৰ কাৰখানাটোৰ আছে নিজস্ব এক গৌৰৱময় ইতিহাস। প্ৰায় ৫০ৰ দশকতেই মন্দীপৰ ককাক প্ৰয়াত ললিত মোহন পালে আৰম্ভ কৰা ধুবুৰীত মাটিৰ প্ৰতিমা নিৰ্মাণ কৰাৰ মৃৎশিল্পৰ এক বিশেষ ধাৰাৰ সেই শৈলী আগুৱাই লৈ গৈছিল বিশিষ্ট মৃৎশিল্পী নাৰায়ণ চন্দ্ৰ পালে। বৰ্তমানে পৰিয়ালটোৰ নৱপ্ৰজন্মৰ মন্দীপ পালকে ধৰি অন্যান্যসকলে ৫০ৰ দশকতে আৰম্ভ হোৱা তেওঁলোকৰ পৰিয়ালৰ সেই শৈল্পিক যাত্ৰাক নতুন এক স্তৰলৈ নিয়াৰ প্ৰয়াস চলাইছে। “এইবাৰ আমি লাভালাভৰ কথা চিন্তা কৰা নাই। আমাৰ পৰিয়ালৰ ঐতিহ্য, গৰিমাময় ইতিহাস আৰু আগুৱাই নিব বিচাৰিছোঁ। নতুন নতুন শৈলীৰ, ধাৰাৰ আমি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছোঁ। নটৰাজ শৈলীত এইবেলি ধুবুৰীৰ সৰ্বোচ্চতম উচ্চতাৰ এটা দুৰ্গা প্ৰতিমাকে ধৰি কলকাতাৰ প্ৰখ্যাত কুমাৰটুলীৰ আৰ্হিৰেও প্ৰতিমা নিৰ্মাণ কৰিছোঁ।”- দুৰ্গা প্ৰতিমাক আ-অলংকাৰেৰে সজ্জিত কৰা ব্যস্ততাৰ মাজতে মন্দীপ পালে এনেদৰে ব্যক্ত কৰে তেওঁৰ শৈল্পিক যাত্ৰাৰ কথা। মন্দীপৰ আশা মৃন্ময় প্ৰতিমা নিৰ্মাণৰ পাৰিবাৰিক এই ধাৰাটোৰে এদিন এক ষ্টাৰ্ট আপ আৰম্ভ কৰিব পাৰিব তেওঁলোকে। উল্লেখ্য যে পূৰ্বৰ গতানুগতিক চিন্তাধাৰাৰ পৰা ওলাই এক ব্যতিক্রমী চিন্তাধাৰাৰ শিল্পীগৰাকীৰ পৰিকল্পনাত নিৰ্মিত হোৱা কেইবাটাও দুৰ্গা প্ৰতিমাই ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাও দেখা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like