নিয়মীয়া বাৰ্তা, ৯ মার্চঃ আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্নাই ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসমৰ সাহিত্য জগতৰ এগৰাকী উদীয়মান যুৱ লেখিকা জোৱালা বৰাৰ উপন্যাস ‘মৌনতাৰ কোলাহল’ উন্মোচন কৰা হয় ৷ নৱম শ্রেণীত পঢ়ি থাকোঁতেই দুর্ঘটনাগ্রস্ত হৈ ‘গেৰাপ্লাগিয়া’ নামৰ এক জটিল ৰোগত আক্রান্ত হৈ দুয়োখন ভৰি হেৰুৱাই হুইল চেয়াৰকে শেষ আশ্রয় হিচাপে লৈ জীৱনৰ সমস্ত যন্ত্রণাক কাটি কৰি সাহিত্যৰ নিৰলস সাধনাত ব্রতী হোৱা নগাঁৱৰ কোজাৰবড়ি গাঁৱৰ জোৱালা বৰাৰ গ্রন্থখনী উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ হোমেন বৰগোহাঞিয়ে ৷ সুৰ সমলয়েৰে আৰম্ভ হোৱা অনুষ্ঠানত জোৱালা বৰাৰ গ্রন্থখন উন্মোচন কৰি বৰগোহাঞিয়ে কয়– ‘জোৱালা বৰা আমাৰ সমাজৰ বাবে এক প্রেৰণাৰ উৎস৷ যদিও জোৱালা বৰা এফালে প্রত্যাহ্বানৰ মুখামুখি, আনফালে কিন্তু জোৱালা অফুৰন্ত শক্তিৰ অধিকাৰী ৷’ এনে এক মহৎ কামৰ বাবে প্রকাশক গোষ্ঠী শ্রীকল্যাণী প্রকাশনৰো শলাগ লয় বিশিষ্ট কথাশিল্পীগৰাকীয়ে ৷
উন্মোচনী অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণু কমল বৰাই লেখিকাৰ প্রচেষ্টাক উচ্চ প্রশংসা কৰে ৷ উন্মোচনী অনুষ্ঠানত স্বাগত হাস্পতালৰ স্বত্বাধিকাৰী তথা বিশিষ্ট শল্য চিকিৎসক ডাঃ সুভাস খান্নাই ভৱিষ্যতে লেখিকা জোৱালা বৰাক প্রয়োজন হোৱা সকলো চিকিৎসাৰ দায়িত্ব বহন কৰিব বুলি ঘোষণা কৰে ৷ বিশিষ্ট শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে আদৰণী ভাষণ দিয়া উন্মোচনী অনুষ্ঠানত শ্রীকল্যাণী প্রকাশনৰ হৈ বক্তব্য ৰাখি হৃষীকেশ বৰঠাকুৰে গ্রন্থখন বিক্রী কৰি লাভ কৰা সমুদায় ধন লেখিকা জোৱালা বৰাক অর্পণ কৰিব বুলি ঘোষণা কৰে ৷ উদীয়মান কণ্ঠশিল্পী শ্রুতি গোস্বামীয়ে সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সামৰণি পৰে ৷ আকাশবাণী গুৱাহাটী কেন্দ্রৰ ঘোষক ইন্দ্রজিৎ দাসে আঁত ধৰা অনুষ্ঠানত অধ্যাপক গংগাপদ চৌধুৰী, লেখক তথা চিকিৎসক ডাঃ মাধৱ ৰাজবংশী, সদৌ অসম ছাত্র সন্থাৰ উপ–সভাপতি বিপুল ৰাভা, ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱ, বিশিষ্ট শিল্পী জাহানাৰা বেগম, শান্তনু বৰুৱাকে প্রমুখ্য কৰি বহু বিশিষ্ট অতিথি তথা দুই শতাধিক লোক উপস্থিত থাকে ৷