নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকৰাত তিনিদিনীয়া লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : অন্যান্য বছৰৰ দৰে এইবেলিও ১৬ ,১৭ আৰু ১৮ অক্টোবৰত কামৰূপৰ হেকৰাত ২৯তম শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে | পূজাৰ কাৰ্যসূচী হিচাপে মিনি মাৰাথন দৌৰ, গছপুলি ৰোপণ, বিভিন্ন খেল-ধেমালিৰ লগতে চিত্ৰাংকন, কুইজ, স্মৃতি পৰীক্ষা আদি সাহিত্যৰ অনুষ্ঠান আৰু আমন্ত্ৰিত নামদলৰ নাম আৰু সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচীৰো দিহা কৰা হৈছে | ১৬ অক্টোবৰৰ সন্ধিয়া সাংস্কৃতিক মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয় | একেদৰে ১৭ অক্টোবৰৰ সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ আৰু ‘বাৰ্তালাপ’ৰ সঞ্চালক চক্ৰপাণি পৰাশৰ উপস্থিত থাকিব। কেইবাটাও নৃত্য গোষ্ঠীকো আমন্ত্ৰণ কৰা হৈছে এই পূজাথলীৰ সাংস্কৃতিক মঞ্চত নৃত্য পৰিৱেশনৰ বাবে | তিনিওদিনৰ কাৰ্যসূচীতেই উদযাপন সমিতিৰ হৈ সভাপতি বাবুল পাটোৱাৰী, উপ-সভাপতি গগন কলিতা, সম্পাদক জিতু কলিতা, সহ: সম্পাদকত্ৰয় ক্ৰমে প্ৰাঞ্জল কলিতা, গোলাপ কলিতা আৰু কৃপাল কলিতাই সমূহ ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like