নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য–খোৱাপানীৰ অভাৱত যাত্রীৰ হাহাকাৰ

উত্তৰ–পূব সীমান্ত ৰে’ল কর্তৃপক্ষৰ হেমাহিঃ ঠাকুৰকুছিত আবদ্ধ উজনিমুৱা বিজি এক্সপ্রেছ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে দেওবাৰে সুদীর্ঘ ৮ ঘণ্টা সময় মহানগৰীৰ ঠাকুৰকুছি ষ্টেচনত শ শ যাত্রী আবদ্ধ হৈ থাকিবলগীয়া হয়৷ গুৱাহাটী ষ্টেচনৰ পৰা ডিমাপুৰ অভিমুখী বিজি এক্সপ্রেছ ৰে’ল গাড়ীখনত আবদ্ধ হৈ থকা যাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ খাদ্য আৰু খোৱাপানীৰ অভাৱত যাত্রীসকলে হাহাকাৰ কৰাৰ সমান্তৰালকৈ বহু ৰোগী ষ্টেচনত আবদ্ধ হৈ থকাত এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰে’লগাড়ীখনত আবদ্ধ হৈ থকা একাংশ যাত্রীৰ পৰা ডিমাপুৰ অভিমুখী ১৫৬৬৫ নম্বৰৰ বিজি এক্সপ্রেছখন গুৱাহাটী ষ্টেচনৰ পৰা আবেলি ২.৩০ বজাত যাত্রা কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ ৰে’লগাড়ীখন বিয়লি প্রায় ৩.৫০ বজাত গুৱাহাটী ষ্টেচনৰ পৰা ডিমাপুৰ অভিমুখে যাত্রা কৰে৷ প্রায় ১.৩০ ঘণ্টা পলমকৈ গুৱাহাটী ষ্টেচনৰ পৰা যাত্রা কৰা ৰে’লগাড়ীখন ঠাকুৰকুছি ষ্টেচনত উপস্থিত হোৱাৰ পিছতে ৰে’লপথ ব্যস্ত থকাৰ অজুহাতত পুনৰ ৰে’লখন ঘণ্টাৰ পিছত ঘণ্টা ধৰি ষ্টেচনত আবদ্ধ হৈ থাকিলবগীয়া হয়৷ সন্ধিয়াৰ পৰা দুপৰ নিশালৈ ৰে’লগাড়ীখন ঠাকুৰকুছিত আবদ্ধ হৈ থকাৰ বাবে যাত্রীসকলৰ মাজত অথন্তৰ লাগে৷ ষ্টেচনত আবদ্ধ হোৱা শ শ যাত্রীয়ে খাদ্য আৰু খোৱাপানীৰ অভাৱত যমৰ যাতনা ভোগ কৰিবলগীয়া হয়৷ উল্লেখ্য যে ৰে’লগাড়ীখন দীর্ঘ সময় ধৰি ষ্টেচনত আবদ্ধ হৈ থকাৰ ফলত মহিলা আৰু ৰোগীসকল বিশেষ অসুবিধাত পৰে৷ একাংশ যাত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে যদিহে পথ ব্যস্ত হৈ আছে, তেন্তে গাড়ীখন গুৱাহাটী ষ্টেচনৰ পৰা যাত্রা কৰাটো সমীচীন হোৱা নাই৷ ইপিনে, একাংশ যাত্রীয়ে নিজাববীয়াকৈ গাড়ী ভাড়া কৰি যাত্রা পৰিহাৰ কৰি ঘৰমুৱা হয়৷ উত্তৰ–পূব সীমান্ত ৰে’ল কর্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে যাত্রীসকলে তীব্র ক্ষোভ প্রকাশ কৰে৷

You might also like