নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি ডাঙৰ ভুল কৰিলোঁ আমাক ক্ষমা কৰি দিয়ক

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হল নাহৰকটীয়া উমাতাৰা চাহ বাগিচাত শাৰদীয় মঞ্চত অসমীয়া গীত পৰিৱেশনত শিল্পীক বাধা দিয়াৰ লগত জড়িত লোকসকলে। আমি ডাঙৰ ভুল কৰিলোঁ, আমাক ক্ষমা কৰি দিয়ক। ভৱিষ্যতে কেতিয়াও এনে ভুল নহয়। এই মন্তব্য কৰি ৰাজহুৱা ভাৱে অসমবাসীৰ ওচৰত ক্ষমা বিছাৰে। আজি সন্ধিয়া টিংখাঙৰ শিক্ষক ভৱনত সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাৰ বাবে নিজকে অনুতপ্ত আৰু লজ্জিত বুলি উল্লেখ কৰি অসমবাসীৰ ওচৰত ক্ষমা-ভিক্ষা কৰে বিতৰ্কিত ব্যক্তিকেইজনে। জন্মভূমি অসমৰ চিৰ চেনেহী অসমীয়া ভাষাৰ প্ৰতি সদায় শ্ৰদ্ধা- ভালপোৱা আছে আৰু ভৱিষ্যতলৈও অটুট থাকিব বুলি উল্লেখ কৰি অনাকাংক্ষিত ঘটনাটোৰ বাবে সকলোকে ক্ষমা কৰি দিবলৈ আহ্বান জনায়। লগতে অনাগত দিনত উমাতাৰা বাগিচাত  যিকোনো অনুষ্ঠানত এনে পৰিস্থিতি পুনৰাই অনুষ্ঠিত নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে শিল্পী গৰাকীও ওচৰতো ক্ষমা বিচাৰে ঘটনাৰ সৈতে জড়িত লোকসকলে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত উমাতাৰা চাহ বাগিচাত অনুষ্ঠিত শাৰদীয় সাংস্কৃতিক অনুষ্ঠানত দশমীৰ নিশা মঞ্চত অসমীয়া গীত গাই চৰম অপমানিত হৈছিল এগৰাকী উদীয়মান কন্ঠশিল্পী। মঞ্চত গীত গাই থকা উদীয়মান কন্ঠশিল্পী বলিন ৰহনৰ সন্মুখত এইসকলে অসমীয়া গীত পৰিৱেশন বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল। ঘটনাৰ পাছত সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগেই সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত অৱশেষত সেও মানি সংবাদ মেল অনুষ্ঠিত কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হয় ।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like