নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Assam Premier League-ত আঢ়ৈ শতাধিক খেলুৱৈৰ নিলাম সম্পন্ন

Assam Premier League News : অসম ক্রিকেট সন্থাই প্রথমবাৰৰ বাবে আয়োজন কৰিব লগা অসম প্রিমিয়াৰ লীগ (APL)ৰ খেলুৱৈ নিলাম গুৱাহাটীত অনুষ্ঠিত হয়৷ নিলাম প্রক্রিয়াত মুঠ ২৭৫গৰাকী খেলুৱৈৰ নিলাম সম্পন্ন হয়৷

অতি ৰোমাঞ্চকৰ এই নিলামত বৰপেটা ব্রেভছে ১২.৬০ লাখ টকাৰে ক্রয় কৰে তাৰকা খেলুৱৈ ডেনিছ দাসক৷ কার্যতঃ ৰাজ্যৰ নির্ভৰযোগ্য বেটাৰ ডেনিছে প্রথম APL-ৰ সবাতোকৈ দামী খেলুৱৈৰূপে পৰিগণিত হয়৷

ইফালে, তাৰকা খেলুৱৈসকলৰ নিলামত উইকেটকীপাৰ বেটাৰ সুমিত ঘাদিগাওকাৰক ১২.২০ লাখ টকাত ক্রয় কৰে চৰাইদেউ ছানৰাহজার্ছে৷ আনহাতে, অভিজ্ঞ বেটাৰ শিৱশংকৰ ৰয়ক বৰাক লিজেণ্ডছে ১২ লাখ টকাত ক্রয় কৰে৷

ইফালে, আয়ুষ্মান মালাকাৰ আৰু অলৰাউণ্ডাৰ স্বৰূপম পুৰকায়স্থ নিলামৰ শীর্ষ পাঁচজন ক্রিকেটাৰৰ তালিকাত থাকে৷ দুই তাৰকা খেলুৱৈক তেজপুৰ টাইটানছ আৰু যোৰহাট ষ্টেলিয়নে ক্রমে ১১.৮০ লাখ টকাত ক্রয় কৰে৷

গুৱহাটীৰ বর্ষাপাৰাস্থিত এচিএ ষ্টেডিয়াম চৌহদৰ ‘৯১ য়ার্ডছ ক্লাব’ৰ প্রেক্ষাগৃহত হোৱা এই নিলামত বৰাক লিজেণ্ডছে তাৰকা খেলুৱৈ আব্দুল আজিজক ৮.৪০ লাখ টকা তথা ভার্গৱ প্রতিমক ৫.২০ লাখ টকাত দলত ল’বলৈ সক্ষম হয়৷

ইফালে, ডেনিছক ক্রয় কৰা বৰপেটা ব্রেভছে সৌৰভ দিহিঙীয়াক ৭.৮০ লাখ টকাৰ বিনিময়ত ক্রয় কৰাৰ বিপৰীতে ডিব্রুগড় ৱাৰিয়র্ছে সাহিল জৈনক ৭.২০ লাখ আৰু জিতুমণি কলিতাক ৬.২০ লাখ টকাত দলত অন্তর্ভুক্ত কৰে৷

তেজপুৰ দলে সাত লাখত ক্রয় কৰে আকাশ সেনগুপ্তাক৷ আনহাতে, পেচ বলাৰ মুক্তাৰ হুছেইনক গুৱাহাটী ৰয়েলছে ৩.২০ লাখ প্রদানেৰে দলত অন্তর্ভুক্ত কৰে৷ সমপৰিমাণৰ ধন খৰচ কৰি ৰাহুল সিঙক ক্রয় কৰে নগাঁও ৰেঞ্জার্ছ দলে৷

ডিজিটেল ডেস্ক, ২০ জুলাই

You might also like