মহানগৰীত বিভিন্ন প্রান্তত আন্তর্জাতিক নাৰী দিৱস উদযাপন
গুৱাহাটী, ৮ মার্চঃ আন্তঃৰাষ্ট্রীয় নাৰী দিসৱৰ লগত সংগতি ৰাখি দেওবাৰে মহানগৰীৰ শিলপুখুৰীত থকা ডি এলিগেন্স লেডিজ বিউটী স্পা ছেলুনৰ উদ্যোগত এখন সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ড০ চয়নিকা শর্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত চাৰিগৰাকী মহীয়সী নাৰী ক্রমে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, বিশিষ্ট অভিনেত্রী বিদ্যা ৰাও, বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচার্য আৰু সংবাদ–সাহিত্যকর্মী ড০ অজন্তা দাসক সম্বর্ধনা জনোৱা হয়৷ সম্বর্ধিত চাৰিওগৰাকী মহীয়সী নাৰীকে ফুলাম গামোচা, সম্বর্ধনা–পত্র আৰু পাটৰ কাপোৰ উপহাৰ হিচাপে দিয়া হয়৷ সভাত চাৰিওগৰাকী মহীয়সী নাৰীয়ে নাৰী দিৱসৰ তাৎপর্য তথা নিজৰ জীৱনৰ সংঘর্ষজর্জৰ সময়ৰ কথা ব্যক্ত কৰে৷
৩০গৰাকীক সম্বর্ধনা মানৱ অধিকাৰৰ
সমগ্র বিশ্বৰ লগতে সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ হোটেল ৰিভেৰাত ৰাষ্ট্রীয় মানৱ অধিকাৰ আৰু অভিযোগ আয়োগৰ উদ্যোগত দিনজোৰা কার্যক্রমণিকাৰে আন্তঃৰাষ্ট্রীয় নাৰী দিৱস পালন কৰা হয়৷ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ডঃ এছ আই চৌধুৰীৰ পৰিচালনাত আৰু সাংবাদিক প্রাণজিৎ দাসে আঁত ধৰা অনুষ্ঠানটোত চাৰিগৰাকী মহিলাক আন্তঃৰাষ্ট্রীয় সন্মান প্রদান কৰাৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানক্ ধৰি বিভিন্ন শিতানত অগ্রণী ভূমিকা পালন কৰা ৩০গৰাকী লোকক বঁটা প্রদান আৰু ১৫গৰাকী মহিলাক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷ ভৈয়াম জনজাতি উন্নয়ন মন্ত্রালয়ৰ অতিৰিক্ত সচিব ডঃ মৃদুল কুমাৰ মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিদুলা শর্মাই এই বঁটাসমূহ প্রদান কৰে৷
বোন্দাত মহিলা সমিতিৰ বর্ণাঢ়্য অনুষ্ঠান
মহানগৰীৰ অন্যান্য প্রান্তৰ লগতে বোন্দাতো আজি আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ প্রাগজ্যোতিষ মহিলা সমাৰোহ সমিতিয়ে দিনজোৰা কার্যসূচীৰে নাৰী দিৱস উদ্যাপন কৰে৷ নির্ধাৰিত কার্যসূচী অনুসৰি মহিলা সমাৰোহ সমিতিৰ কেন্দ্রীয় সভানেত্রী ৰুণুমী বড়ো ৰংপীয়ে পতাকা উত্তোলন কৰি দিৱসৰ কার্যক্রমণিকাৰ শুভাৰম্ভ কৰে৷ তাৰ পিছতে উপদেষ্টা বন্দিতা পায়েঙে স্মৃতি তর্পণ কার্যসূচী ৰূপায়ণৰ পিছত শিশুসকলৰ বাবে আয়োজিত বিভিন্ন প্রতিযোগিতা উদ্বোধন কৰে মদাহি কাউঞ্চিলৰ অধ্যক্ষ মুকুন্দ মদাহিয়ে৷ দিনৰ দুই বজাত বিশিষ্ট সমাজসেৱিকা ৰুণিমা চেতিয়া চৌধুৰীৰ পৰিচালনাত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ বিয়লি অনুষ্ঠিত হয় চেমনীয়া চ’ৰা৷ সন্ধিয়া এক বর্ণাঢ়্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ এই সাংস্কৃতিক সন্ধিয়াত বাৰেৰহণীয়া সাংস্কৃতিক কার্যসূচী পৰিৱেশনৰ উপৰি মহিলাৰ পৰম্পৰাগত সাজপাৰ প্রতিযোগিতা অনুষ্ঠিত হয়৷
উলুবাৰীত যোগ সাধনাৰ প্রশিক্ষণ
গুৱাহাটীৰ উলুবাৰীৰ প্রসন্ন নাৰায়ণ চৌধুৰী জ্যোতি–বিষ্ণু মহিলা উন্নয়ন সমিতিৰ উদ্যোগত উলুবাৰী হৰবালা পথত নাৰী দিৱস পালন কৰা হয়৷ কবিতা দেৱী শর্মাই আঁত ধৰা অনুষ্ঠানটিত মনোৰোগ বিশেষজ্ঞ প্রচেতা মহন্তই নাৰীৰ মানসিক আৰু শাৰীৰিক বিকাশ সন্দর্ভত বত্তৃণতা আগবঢ়ায়৷ অনুষ্ঠানত যোগ সাধনাৰ প্রশিক্ষণ প্রদান কৰা হয়৷ দীপিকা দেৱীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত ভাস্বতী শর্মাই নাৰী বিষয়ক কবিতা আবৃত্তি কৰাৰ লগতে মায়া অধিকাৰী আৰু মানসী মিত্রই গীত পৰিৱেশন কৰে৷ অনুষ্ঠানৰ শেষত অঞ্জনা বৰকাকতিয়ে শলাগৰ শৰাই আগবঢ়ায়৷
উজান বজাৰত মুৰুলী আলোচনীখন উন্মোচন
সামাজিক অনুষ্ঠান ডিভাইন হেণ্ড ৱেলফেয়াৰ অর্গেনাইজেচনৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্রত আন্তর্জাতিক নাৰী দিৱস উদ্যাপন কৰে৷ শিল্পী ৰেণু দাসৰ ঘোষাৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত বন্তি প্রজ্বলন কৰে নির্মালী ভাগৱতী আৰু শ্বহীদ তর্পণ কৰে ড০ হূদয়ৰঞ্জন দাসে৷ অনুষ্ঠানত মুৰুলী নামৰ আলোচনীখন উন্মোচন কৰে সবিতা দেৱীয়ে৷ অনুষ্ঠানত প্রদীপ কুমাৰ ভট্টাচার্য, ডাঃ ৰূপজ্যোতি ওজা, ডাঃ পল্লৱী গোস্বামী, অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰব মজুমদাৰ, খর্গেশ্বৰ ৰাভা, ডাঃ সুনীল ৰামকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷