নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ পৰা নদীপথেৰে কাছাৰলৈ বাৰ্মিজ চুপাৰি সৰবৰাহ

🔹 ৫০০ বস্তা অবৈধ বাৰ্মিজ চুপাৰিসহ আটক ২

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : মণিপুৰৰ পৰা নদীপথেৰে কাছাৰলৈ বাৰ্মিজ চুপাৰি সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ ফুলেৰতল মাৰকুলিনত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰি ৷ আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৫০০ বস্তা অবৈধ বাৰ্মিজ চুপাৰি। লগতে আৰক্ষীয়ে আটক কৰে দুজন লোকক। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা গোষ্ঠী সংঘৰ্ষত জ্বলি আছে চুবুৰীয়া ৰাজ্য মণিপুৰ। কুকি আৰু মেইটেইৰ সংঘৰ্ষত এতিয়াও অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰি আছে মণিপুৰত। অগ্নিগৰ্ভা এই পৰিস্থিতিৰ মাজতো ৰাজ্যখনৰ পৰা অবাধে অসমত প্ৰৱেশ কৰি আছে অবৈধ বাৰ্মিজ চুপাৰি। স্থলপথ বাদ দি এইবাৰ জলপথেৰে মণিপুৰৰ পৰা অবাধে কাছাৰত প্ৰৱেশ কৰোৱাইছে অবৈধ বাৰ্মিজ চুপাৰি ৷ মণিপুৰৰ পৰা বৰাক নৈৰে যন্ত্ৰচালিত নাৱেৰে বাৰ্মিজ চুপাৰিৰ শ শ বস্তা লৈ অনা হৈছে কাছাৰলৈ। কাছাৰৰ পৰা এই বাৰ্মিজ চুপাৰি ট্ৰাকত বোজাই কৰি সৰবৰাহ হয় বহি:ৰাজ্যলৈ৷ মিজোৰামৰ পাছত এইবাৰ মণিপুৰৰ পৰা বাৰ্মিজ চুপাৰি সৰবৰাহৰ পথ বাছি লৈছে এটা চক্ৰই । দিনতে মণিপুৰৰ পৰা বৰাক নৈ হৈ কেইবাখনো যন্ত্ৰচালিত নাৱেৰে বাৰ্মিজ চুপাৰি লৈ অনা হৈছিল মাৰকুলিনলৈ। নাওৰ পৰা ট্ৰাকত এই বাৰ্মিজ চুপাৰি বোজাই কৰাৰ সময়তে স্থানীয় লোলে ঘটনা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে চুপাৰিখিনি। নতুনকৈ গঢ়ি উঠা এই বাৰ্মিজ চুপাৰিৰ চোৰাং কাৰবাৰত আৰক্ষীও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । ইপিনে, বাৰ্মিজ চুপাৰিৰ লগত আটক হোৱা লোক দুজনক আৰক্ষীয়ে লক্ষীপুৰ আৰক্ষী চকীলৈ লৈ যায় যদিও নিশা ৰহস্যজনকভাৱে এৰি দিয়া হয় লোক দুজনক।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like