নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহমৰীয়াৰ বিজেপি নেতা লিখন বৰুৱা নিৰুদ্দেশ 

🔹 ৯ দিন পিছত ঘৰত উদ্ধাৰকৃত পত্ৰত কি আছে ?

🔹 ‘হিতে বিপৰীতহে হ’ব’

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া নিৱাসী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতা লিখন বৰুৱা নিৰুদ্দেশ হৈ আছে । ৮ অক্টোবৰত নিজৰ কাপোৰ-কানি বান্ধি ঘৰৰ পৰা ফুৰিবলৈ যাওঁ বুলি ওলাই যোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত খা-খবৰ নোহোৱা হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । বৰুৱাই ব্যৱহাৰ কৰা ফোন নম্বৰ দুটাও বন্ধ হৈ থকাত উদ্বিগ্ন হৈ আছে পৰিয়ালটো। তেনে সময়তে আজি  পৰিয়ালৰ লোকে বৰুৱাৰ শোৱনি কোঠা পৰিষ্কাৰ কৰিবলৈ লোৱাত বৰুৱাই পৰিয়ালৰ লোকলৈ বুলি লিখা এখন পত্ৰ উদ্ধাৰ কৰিছে। বিগত ৯ দিনৰ পিছত লাভ কৰা পত্ৰখনত বৰুৱাৰ বহু হতাশাজনক কথা উল্লেখ কৰিছে। পত্ৰখনত কাকো তেওঁৰ সন্ধান নচলাবলৈ আহ্বান জনাইছে । সন্ধান চলালে ‘হিতে বিপৰীত’ হ’ব বুলি উল্লেখ কৰিছে। এসময়ত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, অসম জাতীয় পৰিষদৰ হৈ লাহোৱাল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চাবুৱা তথা ডিব্ৰুগড় জিলাৰ চিনাকি নাম লিখন বৰুৱাক ঘৰলৈ ঘূৰি আহিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে পৰিয়ালৰ লোকে। “জীৱনত ভৰসা কৰিব নোৱাৰি । মুহূৰ্ততে জীৱন নোহোৱা হৈ যায়। সপোনবোৰ শেষ হৈ যায়, আশাবোৰ মিছা হৈ যায়। চাৰিওফালে মানুহৰ অকাল মৃত্যুৰ খবৰ। কোন কেতিয়া মৰি যায়, জীৱনৰ ভৰসা নাই ।”- এনে বহু হতাশামূলক কথা লিখা পত্ৰখনত আৰু উল্লেখ কৰিছে- “মানুহবোৰ ইমানেই স্বাৰ্থপৰ হৈ পৰিছে যে নিজৰ স্বাৰ্থ জড়িত নাথাকিলে এই দুনিয়াত কাকো প্ৰয়োজন নাই। য’ত স্বাৰ্থ শেষ তাত প্ৰয়োজনো শেষ।” অন্য বিশেষ ব্যক্তিগত কথা উল্লেখ নকৰাকৈ পত্ৰখনত লিখিছে- ‘আজি মোৰ ঘৰ, পৰিয়াল সকলো সম্পৰ্ক এৰি একেবাৰে ওলাই আহিছোঁ। গতিকে মোৰ সন্ধান কৰিবলৈ বৃথা চেষ্টা কৰি লাভ নাই। আকৌ কৈছোঁ- মোক বিচাৰিবলৈ চেষ্টা নকৰিব। সকলোকে কৈছোঁ, হিতে বিপৰীতহে হ’ব।”  চিঠিখন ৰখা ঠাইতে কিছু টকা উদ্ধাৰ হোৱাত সেই টকা মাতৃৰ চিকিৎসাজনিত কাৰণত খৰচ কৰিবলৈ ভাতৃক উদ্দেশ্য কৰি লিখিছে। বৰুৱাৰ অকাল মৃত্যু হোৱা বুলি সকলোকে ভাবি ল’বলৈ কোৱাৰ লগতে সকলোকে কুশলে থাকিবলৈও কয় । পত্ৰখনত জীৱন-জীৱিকাৰ ক্ষেত্ৰত তীব্ৰ হতাশ হোৱা বুলি অনুমান কৰিব পৰা গৈছে। লিখন বৰুৱাই সশস্ত্ৰ পথ গ্ৰহণ কৰিছে নেকি বুলিও বহুতৰে সন্দেহ। ইতিমধ্যে আজি ৰহমৰীয়া থানাত পৰিয়ালৰ লোকে অৱগত কৰিছে যদিও বৰুৱাৰ অৱস্থিতি সম্পৰ্কে কোনো খবৰ লাভ কৰা হোৱা নাই।

প্ৰেৰক দিব্যজ্যোতি লাহন

You might also like