বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সহযোগত সোণাপুৰ মণ্ডলত কাতি বিহু উদযাপন কৰা হয় । বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই তুলসীৰ তলত মাটিচাকি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাসে আকাশবন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতেই আয়তীসকলে হৰিনামৰ ধ্বনিৰে এই কাৰ্যসূচী সুন্দৰ কৰি তোলে। কাতি বিহু সন্দৰ্ভত বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি প্ৰাণকুমাৰ দাস, জিলা সভাপতি তপন দাসে আলোকপাত কৰে। ইয়াৰ পিছতেই সোণাপুৰৰ স্থানীয় লোকৰ ঘৰত সকলো গৈ পৰম্পৰাগতভাৱে তুলসীৰ তলত মাটি চাকি জ্বলায়। এই কাৰ্যসূচীত বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সঞ্জীৱ বড়া, কৃষক মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, বিজেপিৰ কাৰ্যকৰ্তাসকল, সোণাপুৰ মণ্ডলৰ সভাপতিৰ লগতে মণ্ডলৰ বিষয়ববীয়া, সকলো সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে
Next Post
You might also like