নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰোঁতা চিকিৎসকক চিবিআইৰ জেৰাৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ চিবিআইৰ পাঁচজনীয়া এটা দল ডিব্ৰুগড় সদৰ থানাত আজি উপস্থিত হয়। অনলাইন ট্ৰেডিং কেলেংকাৰি গোচৰৰ তদন্ত কৰিব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে। প্ৰায় ২ হাজাৰ কোটি টকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰাৰ লগতে প্ৰায় ১২০০ কোটি টকীয়া ট্ৰেডিং এফ এক্স কেলেংকাৰীৰ অভিযুক্ত ৰঞ্জিত কাকতিৰ গোচৰৰো তদন্ত চলাব চিবিআইয়ে। আজি চিবিআইৰ পাঁচজনীয়া এটা দল আহি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হয়। ৰাজ্য চৰকাৰে ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে চিবিআইক গোচৰসমূহ হস্তান্তৰ কৰে।তদুপৰি এছ আই টিয়ে তদন্তত লাভ কৰা প্ৰয়োজনীয় সকলোধৰণৰ তথ্যপাতি যোগান ধৰে। ইফালে ডিব্ৰুগড় সদৰ থানাত চুমি, বিশাল, তাৰ্কিক আৰু ৰঞ্জিতৰ পৰা জব্দ কৰা বিলাসী বাহনকেইখনো চিবিআইৰ সন্মুখত প্ৰদৰ্শন কৰা হয় আৰু চিবিআইৰ দলটোৱে সকলো তন্ন তন্নকৈ পৰীক্ষা কৰে। ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা ৩৫২/২০২৪ নম্বৰৰ গোচৰটো আজি চিবিআইয়ে চমজি লোৱাৰ পাছতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অন্যহাতে চিবিআইয়ে ট্ৰেডিং কেলেংকাৰীৰ অধিক তদন্তৰ বাবে চুমি, বিশাল, তাৰ্কিক আৰু ৰঞ্জিতক পৃথকে পৃথকে জিন্মাত লোৱাৰ সম্ভাৱনা আছে। জানিব পৰামতে বিশাল অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা ৪০জন চিকিৎসককো চিবিআইয়ে জেৰা চলোৱাৰ সম্ভাৱনা আছে। ইফালে ৪০জনীয়া চিকিৎসকৰ তালিকাত আছে ক’লা ধন বিনিয়োগ কৰা একাংশ চিকিৎসকৰ নাম। উল্লেখযোগ্য যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাসত থকা বিশাল-চুমিৰ লগতে তাৰ্কিক বৰাৰ ৯ খন বিলাসী বাহন ক্ৰমে  এ এছ ২৩ এ জে ১৭১৭ নম্বৰৰ চাফাৰী আৰু এ এছ ০১ এফ এল ৮০০৯ নম্বৰৰ ফৰ্চুনাৰ, এএচ ০৬ এজে ০০০৬ নম্বৰৰ ফৰ্চুনাৰ, এএচ ০৬ একে ০০০৬ এম জি হেক্টৰ, এএচ ০৬ এএল ০০০৬ কিয় চেলটছ, এএচ ০৬ এএল ৬৭৩৪ এম জি এষ্টৰ, এএচ ০১ এফ ডব্লিউ পঞ্জীয়নভুক্ত মহিন্দ্ৰা এক্স ইউ ভি ৭০০ বিলাসী বাহন জব্দ কৰা লগতে এখন নম্বৰ প্লেট নথকা বিট কোম্পানীৰ বাহনো ডিব্ৰুগড়ৰ আৰক্ষীয়ে জব্দ কৰিছিল। উল্লেখযোগ্য যে, মন গ’লেই বিলাসী বাহন ক্ৰয় কৰি আত্মীয়ক উপহাৰ দিয়া আৰু মন গ’লেই মাহেকৰ মূৰত দুই-তিনিবাৰকৈ বিদেশ ভ্ৰমণলৈ যোৱা বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইজন অভিযুক্ত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বিশাল-চুমিৰ বহু বিলাসী সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড় গান্ধীনগৰস্থিত প্ৰবাঞ্জলী এপাৰ্টমেন্টৰ পৰা আটক কৰি ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিয়েই ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাইছিল বিশাল ফুকনক। সেইদিনাই বিশাল ফুকনক ৩ দিনৰ আৰক্ষী জিন্মাত লৈ জেৰাৰ অন্ততঃ পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৬ ছেপ্টেম্বৰত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছিল।অন্যহাতে ১২ ছেপ্টেম্বৰত এছ টি এফে গ্ৰেপ্তাৰ কৰিছিল চুমি-তাৰ্কিকক। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভাতৃ অম্লান বৰাক ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড় গতাই দিছিল। চুমি-তাৰ্কিকক পাঁচদিনৰ আৰু ৩ দিনৰ অম্লান বৰাক আৰক্ষীৰ জিন্মাত ৰাখি তিনি অভিযুক্তক ১৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইফালে আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায়সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩)অধীনত পঞ্জীয়ন কৰা হৈছে।
প্ৰেৰক বিভাস দুৱৰা
You might also like