ইটালীত ১৬ নিযুত লোকৰ ওপৰত নিৰীক্ষণ ব্যৱস্থা
নিয়মীয়া বাৰ্তা ৯ মার্চঃ ক’ভিড–১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বাবে ইটালীৰ ১৬ নিযুত লোক দেশখনৰ মূল ভূ–খণ্ডৰ পৰা সম্পর্ক বিচ্ছিন্ন হৈ পৰিছে৷ উত্তৰ ইটালীৰ ১৬ নিযুত লোকক সূক্ষ্ম নিৰীক্ষণ ব্যৱস্থাত ৰখা হৈছে৷ লোম্বাৰডাই আৰু অন্য মধ্য তথা উত্তৰ ইটালীৰ ১৪খন প্রদেশত বাসিন্দাসকলে নিজ গৃহৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্রত প্রশাসনৰ অনুমতি ল’বলগীয়া হৈছে৷ বা এই প্রদেশকেইখনত বাহিৰৰ প্রদেশৰ পৰা কোনো লোকে প্রৱেশ কৰিবলৈ হ’লে প্রশাসনৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰি তোলা হৈছে৷ স্মর্তব্য যে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ ইটালীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২৩০গৰাকীলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৫০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে মাত্র ২৪ ঘণ্টাৰ ভিতৰত৷ কালি দেশখনত নতুনকৈ ১২০০ লোক ক’ৰোনাৰ দ্বাৰা আক্রান্ত হৈছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ দেশখনত ক’ৰোনাত আক্রান্ত হৈ চিকিৎসা গ্রহণ কৰা লোকৰ সংখ্যা হৈছে ৫,৮৮৩গৰাকী৷ গতিকে এই ভাইৰাছবিধৰ প্রতিৰোধৰ বাবে ইটালী প্রশাসনে দেশখনত নজিৰবিহীন তৎপৰতা আৰম্ভ কৰিছে৷