নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়র্কত জৰুৰী অৱস্থা ঘোষণা গৱর্নৰ এন্দ্রিউৰ

ক’ৰোনাত সংক্রমিতৰ সংখ্যা ৮৯লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ আমেৰিকাৰ নিউয়র্কত ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা ৮৯গৰাকীলৈ বৃদ্ধি পোৱাৰ পিছতে প্রদেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিছে গৱর্নৰ এন্দ্রিউ কুমোৱে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে গৱর্নৰগৰাকীয়ে এই কথা ঘোষণা কৰাৰ উপৰি মাৰাত্মক এই ক’ৰোনাৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ নাগৰিকসকলক সতর্ক হোৱাৰ আহ্বান জনাইছে৷ এই জৰুৰী অৱস্থাৰ জৰিয়তে স্থানীয় স্বাস্থ্য বিভাগ তথা অন্যান্য বিভাগবোৰক অধিক সষ্টম কৰি তোলা হ’ব বুলি ঘোষণা কৰিছে গৱর্নৰগৰাকীয়ে৷ জৰুৰী অৱস্থাই চিকিৎসাৰ পৰীক্ষাগাৰবোৰক অধিক সক্রিয় কৰাৰ লগতে বিভিন্ন সা–সুবিধা ইয়াত নিশ্চিত হ’ব বুলিও ঘোষণা কৰিছে কুমোৱে৷ স্মর্তব্য যে নিউয়র্কত কালি পুনৰ ১৩গৰাকী লোক ক’ৰোনাৰ দ্বাৰা আক্রান্ত হোৱাৰ পিছতে গৱর্নৰগৰাকীয়ে এই পদক্ষেপ গ্রহণ কৰে৷ বিশ্বজুৰি ক’ৰোনাৰ দ্বাৰা সংক্রমিত লোকৰ সংখ্যাই ১ লাখ ৫ হাজাৰ স্পর্শ কৰাৰ বিপৰীতে ৩,৫৫৬গৰাকীৰ মৃত্যু হৈছে৷

You might also like