নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথাশিল্পী ইমৰান শ্বাহলৈ শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

🔹 শিৱসাগৰৰ কথাশিল্পীগৰাকীৰ বাসগৃহত মনোজ্ঞ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা। শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে প্ৰৱৰ্তন কৰা এই বঁটা দেওবাৰে দৰং জিলাৰ পৰা অহা এটা প্ৰতিনিধি দলে কথাশিল্পীগৰাকীৰ শিৱসাগৰস্থিত বাসগৃহত আহি প্ৰদান কৰে। এই বঁটাত আছে এখন অংগবস্ত্ৰ, এটা জাপি, এটা স্মাৰক, এখন অভিনন্দন পত্ৰ, এখন শৰাই আৰু নগদ ধন। উল্লেখ্য যে অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ স্মৃতি ৰক্ষাৰ্থে শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত ২০০৮ চনৰ পৰা ৬ অক্টোবৰৰ দিনা পালন কৰি অহা হৈছে কেন্দ্ৰীয় মাতৃভাষা দিৱস। এই মাতৃভাষা দিৱস উপলক্ষে আয়োজক সমিতিয়ে প্ৰৱৰ্তন কৰা শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা এই বৰ্ষত কথাশিল্পী ইমৰান শ্বাহলৈ আগবঢ়োৱা হয়। কিন্তু দৰঙত আয়োজিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত কথাশিল্পীগৰাকী উপস্থিত থাকিব নোৱাৰা বাবে আয়োজক সমিতিৰ এটা প্ৰতিনিধি দলে তেওঁৰ বাসগৃহত আহি এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰি এই বঁটা প্ৰদান কৰে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like