নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ কৃষ্ণা চোছাইবিনী চাহ বাগিচাত বাগৰিল কয়লাভৰ্তি ট্ৰাক

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : ওদালগুৰি জিলাৰ কৃষ্ণা চোছাইবিনী চাহ বাগিছাৰ এটা ঠেক পথত আজি বাগৰি পৰে এখন কয়লাভৰ্তি ট্ৰাক। দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে চালক, হেন্দিমেনৰ। AS23 DC2497 নম্বৰৰ ২৮ ফুট দৈৰ্ঘৰ ১৬ চকীয়া ট্ৰাকখন কয়লা কঢ়িয়াই তিনিচকীয়াৰ পৰা কৃষ্ণা চোছাইবিনী চাহ বাগিচালৈ আহি আছিল। বাগিছাখনৰ ফেক্টৰীৰ নিচেই ওচৰত পথৰ পৰা খাৱৈত বাগৰি পৰে কয়লাভৰ্তি ট্ৰাকখন। বাগিছাখনৰ ঠেক পথটোত কেঁকুৰি লওঁতেই বাগৰি পৰে ট্ৰাকখন। আজি বিয়লি চাৰি মান বজাত সংঘটিত এই ঘটনাটোত ট্ৰাকখনৰ চালক নীতেশ কুমাৰ আৰু হেন্দিমেন চন্দন কুমাৰৰ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে যদিও চালকগৰাকীয়ে পিঠিত আঘাত পায়। ইপিনে হেন্দিমেনজনে ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত মঙলদৈলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বৃহৎ আকাৰৰ ট্ৰাকখন বাগৰি পৰাৰ ফলত দুটাকৈ বিদ্যুৎ খুঁটা ছিগি পৰে। ফলত অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। উল্লেখ্য যে চাহপাত ৰপ্তানি অথবা কয়লা ইত্যাদি অন্যান্য সামগ্ৰী আমদানি কৰাৰ বাবে বাহন চলাচল কৰা বাগিছাৰ মাজৰ পথটো ইমান ঠেক যে পথটোৰে কেৱল এখনহে সৰু চাৰি চকীয়া বাহন চলাচলৰ বাবে সুচল যদিও গধুৰ বাহন চলাচলৰ বাবে পথটো বিপদজনক। বাগিছাখনৰ মাজৰ পথটো অতি ঠেক হোৱা বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব‌্য কৰে সচেতন মহলে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like