নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ অক্টোবৰ, কাতি মাহৰ ৪ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই

মেষ : হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ লাভ৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ১৷

বৃষ : আর্থিক উন্নতিৰ চেষ্টাত বাধা কম৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই৷ মনৰো শান্তি থাকিব৷ বিদ্যার্থীৰ একাগ্রতা বৃদ্ধিৰ যোগ৷ ৰাজনীতিক আৰু সমাজকর্মীৰ উৎসাহ বৃদ্ধি হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

মিথুন : স্বাস্থ্য ভাল দেখা যায়৷ ভাগ্যৰ উন্নতিৰ কাৰণে সুযোগ পালেও আন্তৰিক প্রচেষ্টাও লাগিব৷ ঘৰুৱাত লেঠা লাগি থাকিব৷ আর্থিকত সিমান বেয়া নহ’ব৷ আজি ত্রিপুৰেশ্বৰী দেৱীক শৰাই দিব৷ শুভ সংখ্যা ৫৷

কর্কট : গৱেষণা কর্ম অথবা আন উচ্চ শিক্ষাত ভালেই হ’ব৷ ব্যৱসায়–বাণিজ্যত একপ্রকাৰ৷ নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হ’ব৷ পুষ্যা নক্ষত্রৰ লোকে শনিৰ উদ্দেশ্যে ৮ গছি চাকি প্রজ্বলন কৰিব৷ বগা শুভ ৰং, ১ শুভ সংখ্যা৷

সিংহ : ৰাজনীতিত অন্তর্দ্বন্দ্ব৷ দিনটোত ভ্রমণ হ’ব৷ দিয়া ধন ঘূৰাই পাব৷ বিদ্যার্থীয়ে কষ্টৰ পুৰস্কাৰ পাব পাৰে৷ চাকৰিয়ালৰ কিছু লেঠা থাকিব৷ ৰঙা শুভ ৰং, শুভ সংখ্যা ১০৷

কন্যা : ঘৰুৱাত ভাল দেখা নাযায়৷ হঠাৎ গুৰুজনাৰ সৈতে তর্ক–বিবাদত লিপ্ত হৈ পৰিব পাৰে৷ ভ্রাতাৰ কর্মপ্রাপ্তিৰ যোগ বিদ্যমান৷ সেউজীয়া শুভ ৰং, ৬ শুভ সংখ্যা৷ আজি বুধৰ মন্ত্র ঔ ঐং স্ত্রীৱ বুধায় মন্ত্র ৫ বাৰ জপ কৰিব৷

তুলা : যাত্রাৰ যোগ৷ চিনেমা শিল্পীসকলৰ সুযোগ লাভৰ লগতে আর্থিক উন্নতিৰো যোগ৷ দৈহিক দিশলৈ নজৰ ৰাখক৷ ভ্রমণত অনুকূল৷ দাম্পত্যত মধ্যম ক’ব পৰা যায়৷ সন্তানৰ বিদ্যাত সাফল্যই আনন্দ বৃদ্ধি কৰিব৷ নীলা শুভ ৰং, ৬ শুভ সংখ্যা৷

বৃশ্চিক : কর্মত ৰাহু/গুৰুৰ প্রভাৱৰ কাৰণে কর্মবিপাক হ’ব পাৰে৷ কিন্তু ধন আৰু বুদ্ধিৰ দ্বাৰা প্রতিকূলতা নিয়ন্ত্রণ কৰিব পাৰিব৷ কমলা শুভ ৰং, ৯ শুভ সংখ্যা৷

ধনু : আর্থিকত মোটামুটি ভালেই দেখা যায়৷ ব্যৱসায়ত মন দিয়াৰ লগতে আর্থিক দিশতো নজৰ ৰাখক৷ ঘৰুৱাত সিদ্ধান্ত লোৱাৰ পূর্বে ভালদৰে ভাবনা–চিন্তা কৰিব৷ ভ্রমণ ৰদ হ’ব পাৰে৷ শুভ ৰং হালধীয়া, ৩ শুভ সংখ্যা৷

মকৰ : ধনত ভাল৷ দিনটোত যান–বাহন আদি ক্রয় কৰিব পাৰে৷ দ্বিতীয়ত কেতু থকা কাৰণে ৰাগ–খং বাঢ়িব৷ বন্ধুবর্গৰ আন্তৰিকতা বৃদ্ধি৷ ক’লা শুভ ৰং, ৮ শুভ সংখ্যা৷ দিনটোত হনুমান চালিচা পাঠ কৰিব পাৰে৷

কুম্ভ : সন্তানৰ ওপৰত দায়িত্ব অর্পণ কৰক৷ ৰাজহুৱা কর্মত ব্যস্ততা বৃদ্ধি৷ লগতে বিশ্বাসযোগ্যতাও বাঢ়িব৷ ঘৰুৱাত ভাল৷ চাকৰিয়ালৰ মজলীয়া৷ নীলা শুভ ৰং, ১ শুভ সংখ্যা৷

মীন : ব্যৱসায়–বাণিজ্যত ভালেই দেখা যায়৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷ ধনত মজলীয়া আৰু খৰচৰ মাত্রাও বৃদ্ধি হ’ব৷ পুত্র সন্তানক লৈ চিন্তা বৃদ্ধি৷ সোণালী ৰং শুভ, ৩ শুভ সংখ্যা৷

You might also like