মিছলীয়াকে বিশ্বাস কৰোঁ
🔹 ড০ পার্থসাৰথি মহন্ত
আপোনাক কোনোবাই প্রতাৰণা কৰিছে৷ বহু ভাবি–চিন্তিয়েই জড়িত হৈছিল৷ তথাপি প্রতাৰিত হ’ল৷
কেতিয়াবা এনে পৰিস্থিতিত পৰিছেনে?
তাতোকৈ বেয়া কথাটো হ’ল, ভুল ব্যক্তিৰ ওপৰত গঢ়ি উঠা আপোনাৰ বিশ্বাসে আপোনাৰ শুভচিন্তকসকলৰ ওপৰত সন্দেহ কৰিবলৈ আপোনাক বাধ্য কৰিছিল৷
আমি কেতিয়াবা এনে পৰিস্থিতিত সোমাই পৰোঁ যে মিছলীয়াক বিশ্বাস কৰোঁ আৰু সঠিক মানুহক সন্দেহ কৰোঁ৷
এক বিভ্রান্তিকৰ আচৰণ৷ কিছু বিশেষ মানসিক পৰিঘটনা আৰু গতিশীলতা বুজি পালেহে ভুল ঠাইত গঢ় লোৱা আস্থাৰ ফান্দৰ পৰা হাত সাৰিব পাৰি আৰু যোগ্যজনৰ ওপৰত আস্থা ঘূৰাই আনিব পাৰি৷
মিছলীয়া আৰু আনৰ লগত হেতালি খেলাসকলে আনৰ মন জয় কৰিবলৈ প্রায়ে নিজৰ সন্মোহিনী শক্তিৰ ওপৰত নির্ভৰ কৰে৷ ক্যাৰিজ্মা৷ এনে এক চুম্বকীয় গুণ যিয়ে মানুহক অধিক ভাল লগা, বিশ্বাসযোগ্য আৰু প্রত্যয়জনক কৰি তোলে৷ যিসকল লোকে আনৰ আৱেগ সহজতে বুজি পায় আৰু সেই অনুসৰি তৎক্ষণাত নিজৰ আচৰণ সলনি কৰিব পাৰে, তেওঁলোক অধিক পতিয়নযোগ্য হয়৷ তেওঁলোকে আনকি নিজৰ শাৰীৰিক ভাষাও সলাই পেলায়৷ টার্গেটৰ শাৰীৰিক ভাষা পর্যবেক্ষণ কৰি তেওঁলোকে অনুকৰণ কৰে, প্রতিফলিত কৰে৷ ফলত টার্গেটে এই লোকসকলৰ লগত এক অৱচেতন সংযোগ অনুভৱ কৰে৷ লগতে তেওঁলোকে এনেকৈ প্রশংসা কৰিব পাৰে যে মানুহ উটি–ভাহি যায়৷ নিজকে সাংঘাতিক গুৰুত্বপূর্ণ বুলি ভাবিবলৈ লয় আৰু যুক্তিসংগতভাৱে চিন্তা কৰিব নোৱাৰা হৈ পৰে৷ এই লোকসকলৰ আত্মবিশ্বাস তুংগত৷ এওঁলোকে এনেকৈ কথা কয় যেন সেয়াই সত্য, তেওঁলোকে যি কৈছে সকলো সত্য৷
এয়াই হেল’ ইফেক্ট৷ ব্যক্তিত্বৰ চতুৰ উপস্থাপনে আমাৰ স্বাভাৱিক জ্ঞানমূলক পক্ষপাতিত্বৰ ওপৰত এনেদৰে খেলা কৰে যে আমাৰ অসংলগ্ণ বৈশিষ্ট্য যেনে আকর্ষণ বা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰি মানুহক বিশ্বাসযোগ্যতাৰ দৰে ইতিবাচক গুণ আৰোপ কৰে৷ মানে বেটুপাত চায়েই কিতাপখনৰ বিষয়ে ধাৰণা কৰি লোৱাৰ দৰে৷ অর্থাৎ কোনো ব্যক্তিক আমি তেওঁৰ বাহ্যিক স্বৰূপ মতেই কেনেকুৱা হ’ব ধৰি লওঁ৷ সচৰাচৰ সুশ্রী, সুন্দৰ পোছাক পৰিহিত মিঠামুখীয়া ব্যক্তিত্বক আমি বুদ্ধিমান, ভদ্র আৰু আকর্ষণীয় বুলি ভাবোঁ৷ সেইকাৰণে আমি দেখা পোৱাৰ লগে লগেই এজন মানুহৰ দ্বাৰা প্রভাৱিত হওঁ, নতুবা অনুভৱ কৰোঁ, এই মানুহটো অসহ্য দেই৷
মানে আমি ভুল মানুহক বিশ্বাস কৰোঁ৷ ভুল মানুহক বিশ্বাস কৰাৰ আন এটা কাৰণ হ’ল জ্ঞানগত অসংগতি৷ যেতিয়া আমি দুটা পৰস্পৰ বিশ্বাস বা ধাৰণা ধৰি ৰাখি অস্বস্তি অনুভৱ কৰোঁ তেতিয়াই জ্ঞানমূলক অসংগতি হয়৷ যদি আমি আস্থা ৰখা কোনোবা এজন অসৎ বুলি প্রমাণিত হয়, আমাৰ মগজুৱে আমাৰ প্রাৰম্ভিক বিশ্বাসক ন্যায্যতা প্রদান কৰি অস্বস্তি হ্রাস কৰিবলৈ চেষ্টা কৰে৷ এজন ব্যক্তিৰ লগত আপুনি যথেষ্ট সময় আৰু শক্তি বিনিয়োগ কৰিলে৷ মানুহজন মিছলীয়া ওলাল৷ আপুনি প্রভাৱিত হোৱা বুলি তৎক্ষণাতে মানি লোৱাতকৈ আপোনাৰ মনটোৱে হয়তো তেওঁলোকক বিশ্বাস কৰি থাকি তেওঁলোকৰ কার্যক যুক্তিসংগত কৰি অসংগতিটোক মিলাই চলিবলৈ চেষ্টা কৰিব৷ ইয়াৰ ফলত আমি মিছলীয়াকে বিশ্বাস কৰি যাওঁ, তেওঁৰ বিপৰীতে যিমানেই প্রমাণ নাথাকক কিয়৷
মানুহ আত্মবিশ্বাস আৰু নিয়ন্ত্রণৰ ভ্রমত ভোগে৷ ভাবে যে তেওঁলোকে প্রতাৰণা চকুৰ পচাৰতে ধৰা পেলাব পাৰে৷ শৰীৰৰ ভাষা বা কথা কোৱাৰ ধৰণ দেখিলেই মিছলীয়াক ধৰা পেলাব পাৰে৷ প্রকৃততে পিছে অধিকাংশ লোকেই মিছা ধৰা পেলোৱাত অত্যন্ত দুর্বল৷ আনৰ চৰিত্র বিচাৰ কৰাৰ ক্ষমতাৰ ক্ষেত্রত থকা এই অত্যধিক আত্মবিশ্বাসে আমাক বিপথে পৰিচালিত কৰে৷ একে সময়তে আমি আমাৰ জীৱন আৰু গুৰুত্বপূর্ণ সিদ্ধান্তবোৰৰ ওপৰত নিয়ন্ত্রণ বিচাৰোঁ৷ যেতিয়া কোনোবা আত্মবিশ্বাসী, প্রত্যয়জনক ব্যক্তি আমাৰ কাষত থিয় হয় আমি আশ্বস্তবোধ কৰোঁ৷ এনে লোকে আমাক স্থায়িত্ব আৰু নিশ্চিতি আনি দিছে যেন আমাৰ অনুভৱ হয়৷ আমি তেওঁলোকৰ প্রতি আকর্ষিত হওঁ৷ আশ্বস্ত আৰু নিশ্চয়তাৰ অনুভৱ দিয়ে বুলিয়েই আমি প্রায়েই ভুল মানুহক বিশ্বাস কৰি পেলাওঁ৷
মানুহ সহজাতভাৱেই সামাজিক জীৱ৷ আস্থা পাৰস্পৰিক, সামাজিক ক্রিয়া–কলাপ আৰু সহযোগিতাৰ এক মৌলিক অংশ৷ বিশ্বাস অবিহনে সমাজৰ অস্তিত্বই নাথাকিব৷ মিছলীয়াখিনিয়ে এই সামাজিক নীতিৰ সুবিধা লৈয়ে আনৰ লগত হেতালি খেলে৷ আনৰ আস্থাভাজন হ’বলৈ তেওঁলোকে বিশ্বাসযোগ্য ব্যক্তি আৰু প্রতিষ্ঠানৰ নাম ব্যৱহাৰ কৰে৷ একপ্রকাৰৰ সামাজিক প্রমাণ৷ ইয়াৰ উপৰি আৱেগিক আবেদনত এওঁলোক সিদ্ধহস্ত৷ অতি সহজেই তেওঁলোকে সহানুভূতি আৰু বাধ্যবাধকতাৰ ভাব জগাই তুলিব পাৰে, যাৰ বাবে তেওঁলোকক সন্দেহ কৰাৰ থলেই নাথাকে৷ কোনোবাই আমাৰ আস্থা লাভ কৰাৰ লগে লগে আমি গঢ়ি তোলো বিশ্বাস পক্ষপাতিত্ব অর্থাৎ বিৰোধী প্রমাণ পোৱাৰ পাছতো আমি তেওঁলোকক বিশ্বাস কৰি থাকোঁ৷
বিড়ম্বনাৰ কথাটো হ’ল যে যিবোৰ জ্ঞানমূলক পক্ষপাতিত্বই আমাক ভুল মানুহক বিশ্বাস কৰিবলৈ বাধ্য কৰে, সেইবোৰেই সঠিক মানুহক লৈও সন্দেহৰ সৃষ্টি কৰিব পাৰে৷ তদুপৰি এবাৰ প্রতাৰিত হ’লেই ভৱিষ্যতত আমি অতি সজাগ হৈ পৰোঁ আৰু সকলোকে অতিমাত্রা সন্দেহ কৰিবলৈ লওঁ৷ এই অতিমাত্রাই সংশোধন ভৱিষ্যতত বিপদত নপৰিবলৈ কৰা হয় যদিও প্রকৃত সৎ লোকৰ পৰাই আমাক আঁতৰাই নিব পাৰে৷
সামাজিক গতিশীলতায়ো আমি কাক বিশ্বাস কৰোঁ প্রভাৱিত কৰে৷ শুদ্ধ নহ’লেও সংখ্যাগৰিষ্ঠৰ মতামতৰ লগত খাপ খুৱাই চলাৰ আমাৰ এটা প্রৱণতা আছে৷ গ্রুপ থিংক অথবা গোষ্ঠী চিন্তা৷ গ্রুপ বা গোটে যদি কোনো লোকক বিশ্বাস কৰিছে, আমিও কৰোঁ, সমালোচনা নকৰোঁ৷ লগতে নিশ্চিতকৰণ পক্ষপাতিত্বই এই বিশ্বাসক শক্তিশালী কৰি তোলে৷ এবাৰ কাৰোবাৰ বিষয়ে ভাল–বেয়া ধাৰণা এটা গঢ়ি তুলিলে আমাৰ মগজুৱে এই মতামতক সমর্থন কৰা তথ্যহে বিচাৰি উলিয়ায় আৰু বিৰোধী প্রমাণক আওকাণ কৰিবলৈ ধৰে৷
বিশ্বাস আৰু সন্দেহৰ মাজত এক জটিল নৃত্য মিছলীয়াক বিশ্বাস কৰা আৰু সঠিক লোকক সন্দেহ কৰাৰ প্রৱণতা৷ পক্ষপাতিত্বৰ প্রতি সজাগ হ’লেহে, আনৰ আত্মবিশ্বাসক প্রশ্ণ কৰিব পাৰিলেহে, আৱেগৰ প্রতি সচেতন হৈ প্রমাণ ভিত্তিত আস্থা বিচাৰিব পাৰিলেহে আনে আমাৰ আৱেগক লৈ হেতালি খেলাৰ পৰা হাত সাৰিব পাৰিম৷ নহ’লে মিছলীয়াৰ হেঁচাৰ পৰা কেতিয়াও মুক্তি নাপাম৷
ফোন : ৯৪৩৫০–৪৮৪৮০