নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্রমণ বর্জন কৰক !

🔹 খালিস্তানী সন্ত্রাসবাদী পান্নুনৰ হুংকাৰ

🔹 দেশৰ বিমানত অব্যাহত বোমাতংক

নিউজ ডেস্ক, ২২ অক্টোবৰ : দেশজুৰি বিমানত বিশেষকৈ এয়াৰ ইণ্ডিয়াকে ধৰি বিভিন্ন কোম্পানীৰ বিমানত বোমাতংকই শংকাময় পৰিৱেশ এটাৰ সৃষ্টি কৰি ৰখাৰ মাজতে এইবাৰ বিমানত ভ্রমণ নকৰিবলৈ যাত্রীক কঠোৰ হুংকাৰ খালিস্তানী সন্ত্রাসবাদী গুৰুপটবন্ত সিং পান্নুনৰ৷ অহা ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্রমণ নকৰিবলৈ যাত্রীসকলক সকীয়নি দি খালিস্তানী সন্ত্রাসবাদী পান্নুনে এই সময়ছোৱাৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানত যিকোনো সময়তে ভয়াৱহ ঘটনা সংঘটিত হ’ব পাৰে বুলি হুংকাৰ দিছে৷ শিখ সংঘর্ষৰ ৪০সংখ্যক বার্ষিকী উপলক্ষে উক্ত সময়ছোৱাত খালিস্তানী সন্ত্রাসবাদীয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত আক্রমণ সংঘটিত কৰিব পাৰে বুলি পান্নুনে প্রকাশ কৰিছে৷ শিখ ফৰ জাষ্টিচ (এছএফজে)ৰ প্রতিষ্ঠাতা বর্তমান আমেৰিকা যুক্তৰাষ্ট্র আৰু কানাডাত দ্বি-নাগৰিকত্ব লৈ আমেৰিকাত বসবাস কৰি থকা খালিস্তানী সন্ত্রাসবাদী পান্নুনে ইয়াৰ পূর্বেও কেইবাবাৰো আক্রমণৰ ভাবুকি প্রদান কৰাৰ উদাহৰণ আছে৷ কালি খালিস্তানী সন্ত্রাসবাদী পান্নুনে এয়াৰ ইণ্ডিয়াৰ বিমানত আক্রমণৰ ভাবুকি দিয়াৰ পূর্বে ২০২৩ চনৰ নৱেম্বৰত ভিডিঅ’যোগে নতুন দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত আক্রমণৰ ভাবুকি দিছিল৷ তেনেদৰে উক্ত বর্ষৰ ১৩ ডিচেম্বৰত সংসদ ভৱন আক্রমণৰ ভাবুকি দিছিল পান্নুনে৷ আনকি পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মান আৰু আৰক্ষী সঞ্চালকপ্রধান গৌৰৱ যাদৱক চলিত বর্ষৰ গণৰাজ্য দিৱসত হত্যাৰ ভাবুকি দিছিল৷ উল্লিখিত ভাবুকিৰ পিছত পুনৰ খালিস্তানী সন্ত্রাসবাদী পান্নুনে এয়াৰ ইণ্ডিয়াৰ বিমানত আক্রমণৰ ভাবুকি দিয়াৰ বিষয়টো নিৰাপত্তা সংস্থাই কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like