নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজৰচৰত ভলীবল প্ৰতিযোগিতাত প্ৰচণ্ড মাৰপিট : আহত ১০

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : নিশা বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত সংঘটিত  এক ভয়ংকৰ মাৰপিটৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, প্ৰাইজমানী দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা । উল্লেখ্য যে পশ্চিম মাজৰচৰ ঈদগাহ ময়দানত অনুষ্ঠিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত দুই পক্ষৰ মাজত সংঘটিত মাৰপিটত কেইবাজনো লোক আহত হয়। জানিব পৰা মতে, দুইপক্ষৰ মাজত সংঘটিত মাৰপিটত মুজাম্মেল হক, শ্বাজেল আলী, ফিৰোজ নবী, আয়ুব নবী, মতিউৰ ৰহমান, ময়নুল হক, আব্দুল হামিদৰ লগতে প্ৰায় ১০জন ব্যক্তি আহত হয়। আহতসকলক ইতিমধ্যে নিশাই আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। খেল অনুষ্ঠিত হৈ থকা অৱস্থাতে দুইপক্ষৰ দুৰ্বাদল কাজিয়া-মাৰপিটত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। পিছত প্ৰতিযোগিতাখন বাতিল কৰা হয়। উত্তেজিত দুয়োটা পক্ষই বহুসংখ্যক প্লাষ্টিকৰ চকী ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক ৰবিউল হুছেইন
You might also like