নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ মালৌ আলিত ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : যোৰহাটৰ মালৌআলিৰ গোবিন্দ নগৰ, নৱোদয় নামঘৰৰ ৰাইজৰ উদ্যোগত আৰু ৰাজতীয়া, টাউন কমলাবৰীয়া, সৌমাপীঠ, চোলাধৰা, পৰীপীঠ, কৃষ্ণ নগৰ, চাংপতাচুক, ডিমৰুগুৰীয়া, ডেকাকুৰি আৰু গুৱাল গাঁৱৰ ৰাইজৰ সহযোগত আয়োজন কৰা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা দ্বাৰকা ক্ষেত্ৰত স্থাপন কৰা হয়। আয়তীৰ উৰুলি আৰু দবা-শংখ ধ্বনিৰ মাজেদি লাইখুঁটা স্থাপন কৰে লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ পৱন মহন্তই। প্ৰতিযোগিতাখন ৭ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। লাইখুঁটা স্থাপনৰ পূৰ্বে এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীক শুভাৰম্ভণি কৰে সমাজকৰ্মী প্ৰদীপ বৰাই। উদ্যোক্তাসকলে জনোৱা মতে, প্ৰতিদিনে দুখনকৈ মুঠ ১৬খন ভাওনা পৰিৱেশন কৰা হ’ব। লগতে স্থানীয় যুৱকসকলে প্ৰদৰ্শনীমূলক এখন ভাওনাও পৰিৱেশন কৰিব। ইতিমধ্যে ৰাজ্যৰ বহুকেইটা দলে প্ৰতিযোগিতাত যোগদানৰ বাবে নাটকৰ পাণ্ডুলিপি জমা দিছে। প্ৰতিযোগিতাৰ সকলো কাৰ্যসূচীতে ৰাইজৰ-সহযোগিতা কামনা কৰিছে আয়োজকসকলে।

 

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like