নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰাষ্ট্ৰীয় পথক লৈ মুখ্যমন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰিৰ পৰ্যালোচনা বৈঠক

📌 উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা-সাংসদ দিলীপ শইকীয়া

📌জৰাজীৰ্ণ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাত প্ৰাণহানিক লৈ মুখ্যমন্ত্ৰীৰ উদ্বেগ

📌গহপুৰ-নুমলীগড় সুৰংগ পথৰ ডিপিআৰ শেষৰ পৰ্যায়ত

📌ধুবুৰী বন্দৰক চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথেৰে সংযোগ কৰিবলৈ আহ্বান সোণোৱালৰ

📌নৱেম্বৰৰ ভিতৰত ১২২ কিলোমিটাৰৰ গুৱাহাটী ৰিং ৰোডৰ ঠিকা

📌কাজিৰঙাৰ উৰণীয়া কৰিডৰৰ পথ চূড়ান্ত

বিশেষ বাৰ্তা, ২২ অক্টোবৰঃ অসমত এই মুহূৰ্তত ৫৭টা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য চলি আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় পথ আৰু আন্তগাঁথনি উন্নয়ন কৰ্পৰেচন লিমিটেড চমুকৈ এন এইচ আই ডি চি এলৰ অধীনত থকা মুঠ ৪৪টা প্ৰকল্পৰ ৫টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পন্ন হৈছে। ২৮টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰতেই সম্পন্ন হোৱাটো নিশ্চিত হৈছে। আনহাতে লেহেমীয়া গতিত আগবাঢ়ি আছে ১১টা প্ৰকল্পৰ নিৰ্মাণকাৰ্য। আজি নতুন দিল্লীত ৰাজ্যৰ ৰাষ্ট্ৰীয় পথ প্ৰকল্পসমূহক লৈ বিভাগীয় মন্ত্ৰী নীতিন গাডকাৰিয়ে কৰা পৰ্যালোচনা বৈঠকত এই কথা পোহৰলৈ আহিছে। নতুন দিল্লীৰ বাণিজ্য ভৱনত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ দিলীপ শইকীয়াকে ধৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিভাগীয় শীৰ্ষ বিষয়াসকলেও অংশ গ্ৰহণ কৰে। প্ৰায় তিনি ঘন্টা ধৰি চলা উক্ত বৈঠকত উপস্থিত থাকে প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্যৰ অংশীদাৰী সংস্থা তথা ঠিকাদাৰ সকলেও। লক্ষ্যনীয়ভাবে পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যৰ পাঁচটা প্ৰকল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী গাডকাৰিয়েও গুৰুত্বসহকাৰে গ্ৰহণ কৰা এই প্ৰকল্প সমূহ হৈছে যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় পথ, কাজিৰঙাৰ উৰণীয়া কৰিডৰ, ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিব লগীয়া গহপুৰ-নুমলিগড় সংযোগী সুৰংগপথ, বাইহাটা চাৰিআলি-তেজপুৰ ৰাষ্ট্ৰীয় পথক চাৰি লেনলৈ উন্নীতকৰণ আৰু কমলাবাৰী-নিমাতীঘাট সংযোগী মাজুলী দলঙৰ পুনৰ নিবিদাৰ আহ্বান। লক্ষ্যনীয়ভাবে এই প্ৰকল্পসমূহৰ ভিতৰত কাজিৰঙা উৰণীয়া কৰিডৰৰ পথ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে আৰু গহপুৰ-নুমলীগড় সুৰংগৰ বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামও প্ৰায় শেষৰ পৰ্যায়ত আছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এক্সযোগে এই কথা জানিবলৈ দিছে। লক্ষ্যনীয়ভাবে বৈঠকত মুখ্যমন্ত্ৰীজনে ৰাষ্ট্ৰীয় পথসমূহৰ মেৰামতিৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহৰ কথা উদ্বেগৰ সৈতে ব্যক্ত কৰে। জৰাজীৰ্ণ পথসমূহত সময়তে মেৰামতিৰ কাম নোহোৱাৰ বাবে হোৱা পথদুৰ্ঘটনাত শেহতীয়াকৈ অৰ্ধশতাধিক লোকৰ প্ৰাণহানীৰ বিষয়টোও মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী গাডকাৰিয়ে ৰাষ্ট্ৰীয় পথসমূহৰ মেৰামতিৰ দায়িত্বত থকা ঠিকাদাৰসকলক ব্লেকলিষ্ট কৰিবলৈ বৈঠকত উপস্থিত থকা এন এইচ আই ডি চি এলৰ প্ৰবন্ধকে ধৰি বিভাগীয় শীৰ্ষ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰী গাডকাৰিৰ মতে, ৰাষ্ট্ৰীয় পথ মেৰামতিৰ বাবে চুক্তিবদ্ধ ঠিকাদাৰসকলক কামত অবহেলাৰ বাবে শাস্তি প্ৰদান কৰিবই লাগিব। আনহাতে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণ আৰু এন এইচ আই ডি চি এলৰ শীৰ্ষ বিষয়াসকলৰ আগত মন্ত্ৰী গাডকৰীয়ে অসমত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাঁইপথসমূহৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ সংশ্লিষ্ট সকলো সংস্থাক কঠোৰ নিৰ্দেশ প্ৰদান কৰা পৰিলক্ষিত হয়। ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি বৈঠকত ৩৭নং ৰাষ্ট্ৰীয় পথৰ ১৪ কিলোমিটাৰ ব্যাপী যোৰহাট-জাঁজী, ১১ কিলোমিটাৰ ব্যাপী জাঁজী-ডিমৌ, ডিমৌ-মৰাণ বাইপাছৰ চাৰিলেন, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ঘাঁইপথসমূহৰ বহলীকৰণৰ বিষয়টোকলৈও আলোচনা কৰা হয়। তদুপৰি ৫২নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ জামুগুৰীহাট-বিশ্বনাথ চাৰিয়ালী বাইপাছ সংযোগী চাৰিলেনযুক্ত পথ, ৫৪নং ৰাষ্ট্ৰীয় পথৰ ইণ্ডুংলো-জাটিঙা আৰু জাটিঙা-হাৰাংগাজাও পথ আৰু ১৫নং ৰাষ্ট্ৰীয় পথত মঙলদৈ বাইপাছ নিৰ্মাণৰ বিষয়টোও উত্থাপিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অনুৰোধ মৰ্মে মন্ত্ৰী গাডকাৰিয়ে আজি ৫,৭২৯ কোটি টকা ব্যয়সাপেক্ষ ১২১ কিলোমিটাৰৰ গুৱাহাটী ৰিং ৰোডৰ ঠিকা প্ৰদানৰ বিষয়টো নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। লক্ষ্যনীয়ভাবে বৈঠকত উপস্থিত থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰী বন্দৰক চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথেৰে সংযোগ কৰিবলৈ মন্ত্ৰী গাডকাৰিক বিশেষ অনুৰোধ জনায়। উল্লেখ্য যে উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য পৰ্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীজনে সোমবাৰ আৰু মঙলবাৰ দুদিনীয়া বৈঠকৰ আয়োজন কৰিছিল। কালি অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰৰ ৰাষ্ট্ৰীয় পথক লৈ হোৱা বৈঠকৰ পিছত আজি অসম, ছিকিম, মিজোৰাম আৰু মেঘালয়ক লৈ আলোচনা কৰা হয়।

You might also like