নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলাল ৰয়লৈ ২০২৪ বৰ্ষৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ অক্টোবৰঃ সংগীত নাটক অকাদেমী ৰত্ন সন্মানেৰে বিভূষিত বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল ৰয়লৈ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৪। গোলাঘাট জিলাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ১৫ আৰু ১৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱত তেওঁলৈ এই বঁটা প্ৰদান কৰা হ’ব। যশস্বী চলচিত্ৰ পৰিচালক তথা সাংস্কৃতিক কৰ্মী দীনেশ গগৈৰ অধ্যক্ষতাত গঠিত জুৰীয়ে সোমবাৰে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল ৰয়ক। উল্লেখ্য যে, প্ৰতিবছৰে শিল্প-সংস্কৃতি তথা বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা একো একোগৰাকী বৰেণ্য ব্যক্তিক চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা প্ৰদান কৰি অহা হৈছে। ইতিমধ্যে বিশিষ্ট অভিনেতা মৃদুলা বৰুৱা, অৰুণ হাজৰিকা, আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী, অতুল পাচনি, মাধুৰিমা চৌধুৰীৰ লগতে মলয়া গোস্বামীক এই বঁটা প্ৰদান কৰা হৈছে। এইবৰ্ষও পূৰ্বৰ দৰেই পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাস মহোৎসৱত চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা প্ৰদানৰ দিহা কৰিছে। উল্লেখ্য যে, চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা প্ৰদানৰ ক্ষেত্ৰত বঁটা প্ৰাপক বাচনিৰ প্ৰক্ৰিয়াটো তদাৰক কৰে বহুকেইগৰাকী বিশিষ্ট শিল্পী, শিক্ষাবিদ তথা বিশিষ্ট নাগৰিকেৰে গঠিত জুৰীয়ে। প্ৰতিভাৱান চিন্ময় ৰঞ্জন দত্ত ONGCৰ জিঅ’লজিষ্ট হোৱাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ কানুগাঁও অঞ্চলৰ এগৰাকী উদীয়মান যুৱক আছিল। যিয়ে অঞ্চলটোৰ বিভিন্ন কামকাজত আগৰণুৱা আছিল। এটা পথ দুৰ্ঘটনাত এইগৰাকী মেধাৱী তথা সংস্কৃতিৱান যুৱক চিন্ময় ৰঞ্জন দত্তৰ মৃত্যু হৈছিল। একেদৰে ১৯৮৪ চনতে আৰম্ভ হোৱা ঐতিহ্যমণ্ডিত পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাসৰ সময়তে প্ৰয়াত চিন্ময় দত্তৰ জন্ম হৈছিল। সেই অনুসৰিয়ে প্ৰতিবছৰে এই ৰাস মহোৎসৱৰ পৱিত্ৰ বাকৰিতে তেওঁৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰি অহা হৈছে। বঁটা প্ৰদানৰ ক্ষেত্ৰত পৰিয়ালৰ হৈ তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা সমাজকৰ্মী, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰিক্ষীত দত্তই বিশেষভাৱে আগভাগ লৈ আহিছে।

You might also like