নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন ট্ৰেডিং মহাপ্ৰৱঞ্চকৰ নতুন ঠিকনা কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটী!

বিশেষ বাৰ্তা, ২৩ অক্টোবৰঃ অনলাইন ট্ৰেডিঙৰ মহাপ্ৰবঞ্চক বিশাল, চুমী, তাৰ্কিক, অম্লান আৰু ৰঞ্জিত কাকতিৰ ঠিকনা এইবাৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ নহয়, এতিয়াৰে পৰা হ’ব ঠিকনা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ। ৩০ অক্টোবৰৰ ভিতৰত গুৱাহাটীস্থিত চিবিআইৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে। বিশাল ফুকনকে ধৰি আটাইকেইজনৰ অনলাইন ট্ৰেডিং গোচৰৰ হাজতি ন্যায়ালয়(ট্ৰায়েল কৰ্ট) ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ালয় নহয়, গুৱাহাটীস্থিত চিবিআইৰ বিশেষ আদালতত এতিয়াৰ পৰা বিশাল-চুমীৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া গুৱাহাটীস্থ বিশেষ ন্যায়লয়ৰ অধীনত পৰিচালিত হ’ব।এই বিষয়ে চিবিআইক আজি এই অনুমতি প্ৰদান কৰে ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।ডিব্ৰুগড় সদৰ থানাৰ ৩৫২/২৪ আৰু ৩৫৪/২৪ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰতি গৰাকী অভিযুক্তক গুৱাহাটীলৈ লৈ যোৱা হ’ব। য’ত চুমী বৰা, বিশাল ফুকন, তাৰ্কিক বৰা, অম্লান বৰাৰ লগতে ট্ৰেডিং এফ এক্সত জড়িত ৰঞ্জিত কাকতি ইত্যাদি অভিযুক্তৰ নাম সাঙুৰ খাই আছে।এই আটাইকেইজনক অচিৰেই গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ কথা।জানিব পৰা অনুসৰি অহা ৩০ অক্টোবৰত গুৱাহাটীৰ চি বি আইৰ বিশেষ আদালতত হাজিৰ হ’ব লাগিব বিশাল ফুকন, চুমী বৰা, তাৰ্কিক বৰা, অম্লান বৰা, অভিজিৎ চন্দা, শোভন জ্যোতি কুৰ্মী,চন্দন নাথ আৰু ৰনজিৎ কাকতী।ডিব্ৰুগড় সদৰ থানাৰ বিশাল ফুকন আৰু ৰনজিৎ কাকতীৰ অবৈধ অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে পঞ্জীভুত দুটাকৈ গোচৰ ক্ৰমে ৩৫২/২৪,৩৫৪/২৪ৰ তদন্তৰ বাবে উপস্থিত হৈছিল ৰাষ্ট্ৰীয়  তদন্তকাৰী দল চি বি আই।ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা এই ৮ অভিযুক্তক গুৱাহাটীলৈ লৈ যোৱাৰ বাবেই ইতিমধ্যে ডিব্ৰুগড়ত এক সপ্তাহ ধৰি বাহৰ পাতি থকা চি বি আইৰ দলে সম্পূর্ণ কৰিছে কেছ ডায়েৰী,জব্দ নামা, নথি-পত্ৰ ইত্যাদি চমজি লোৱাৰ সকলো যাৱতীয় প্ৰক্ৰিয়া।যোৱা ১৮ অক্টোবৰৰ পৰা ডিব্ৰুগড়ত চি বি আইৰ সৰ্বমুঠ ৫জনীয়া এটা দল, দুটা পৰ্যায়ত ডিব্ৰুগড়ত উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত। ডিব্ৰুগড় সদৰ থানাত বিশাল ফুকন আৰু ৰনজিৎ কাকতীৰ অবৈধ অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে পঞ্জীভুত দুটাকৈ গোচৰ ক্ৰমে ৩৫২/২৪,৩৫৪/২৪ৰ তদন্তৰ বাবে যোৱা ১৮ অক্টোবৰত উপস্থিত হোৱা ৰাষ্ট্ৰীয় তদন্তকাৰী চি বি আইৰ দলত এগৰাকী অধীক্ষক, এগৰাকী উপ অধীক্ষক, এগৰাকী পৰিদৰ্শক সহ মুঠ পাঁচ জনীয়া দলটো বিৰ্গত প্ৰায় এসপ্তাহে ডিব্ৰুগড়ত বাহৰ পাতি দুয়োটা গোচৰৰ কেচ ডায়েৰী জমজি লৈ প্ৰক্ৰিয়াটো আগবঢ়াই গৈছিল। আনহাতে আজি পুৱাৰ ভাগত চিবিআইৰ আৰু  সাত জনীয়া দল ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাত উপস্থিত হয়হি।ইতিমধ্যে ডিব্ৰুগড়ত সপ্তাহ ধৰি বাহৰ পাতি থকা চি বি আইৰ দলে সম্পূর্ণ কৰিছে কেছ ডায়েৰী,জব্দ নামা, নথি-পত্ৰ ইত্যাদি সকলো চমজি যাৱতীয় প্ৰক্ৰিয়া সমাপন কৰাৰ পাছতেই প্ৰৱঞ্চক কেইজনৰ ঠিকনা হ’ব গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ। উল্লেখযোগ্য যে ২ ছেপ্টেম্বৰত ডিব্ৰুগড় গান্ধীনগৰস্থিত প্ৰবাঞ্জলী এপাৰ্টমেন্টৰ পৰা আটক কৰি ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিয়েই ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাইছিল বিশাল ফুকনক। সেইদিনাই বিশাল ফুকনক ৩ দিনৰ আৰক্ষী জিন্মাত লৈ জেৰাৰ অন্ততঃ পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৬ ছেপ্টেম্বৰত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছিল।অন্যহাতে ১২ ছেপ্টেম্বৰত এছ টি এফে গ্ৰেপ্তাৰ কৰিছিল চুমি-তাৰ্কিকক। গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভাতৃ অম্লান বৰাক ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড় আৰক্ষীক গতাই দিছিল। চুমি-তাৰ্কিকক পাঁচদিন আৰু ৩ দিনৰ অম্লান বৰাক আৰক্ষীৰ জিন্মাত ৰাখি তিনিও অভিযুক্তক যোৱা ১৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইফালে আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১(১)২১(২)২১(৩)অধীনত পঞ্জীয়ন কৰিছিল। আনহাতে তদন্তৰ সময়ত আৰক্ষীয়ে বিশাল-চুমিৰ লগতে তাৰ্কিক বৰাৰ ৯ খন বিলাসী বাহন ক্ৰমে  এ এছ ২৩ এ জে ১৭১৭ নম্বৰৰ চাফাৰী আৰু এ এছ ০১ এফ এল ৮০০৯ নম্বৰৰ ফৰ্চুনাৰ, এএচ ০৬ এজে ০০০৬ নম্বৰৰ ফৰ্চুনাৰ, এএচ ০৬ একে ০০০৬ এম জি হেক্টৰ, এএচ ০৬ এএল ০০০৬ কিয় চেলটছ, এএচ ০৬ এএল ৬৭৩৪ এম জি এষ্টৰ, এএচ ০১ এফ ডব্লিউ পঞ্জীয়নভুক্ত মহিন্দ্ৰা এক্স ইউ ভি ৭০০ বিলাসী বাহন জব্দ কৰা লগতে এখন নম্বৰ প্লেট নথকা বিট কোম্পানীৰ বাহন জব্দ কৰিছিল। উল্লেখযোগ্য যে, মন গ’লেই বিলাসী বাহন ক্ৰয় কৰি আত্মীয়ক উপহাৰ দিয়া আৰু মন গ’লেই মাহেকৰ মূৰত দুই-তিনিবাৰকৈ বিদেশ ভ্ৰমণলৈ যোৱা বিশাল ফুকনৰ আৰু অন্যান্য বহু মূল্যৱান সামগ্ৰীসহ সোন হীৰাৰ অলংকাৰকে ধৰি সম্পত্তি জ্বব্দ কৰিছিল।এতিয়া প্ৰশ্ন হয়,চুমী-বিশাল আৰু ৰঞ্জিত কাকতিৰ প্ৰৰোচনাত পৰি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা সকলে সঁচাকৈয়ে ন্যায় পাবলৈ সক্ষম হব নে ? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।
প্ৰেৰক বিভাস দুৱৰা
You might also like