নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ ক্রিকেটত ৰেকৰ্ড : বিশ্বাভিলেখ জিম্বাব’ৱেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ অক্টোবৰঃ টি-২০ ক্রিকেটত সর্বাধিক ৰান কৰি বিশ্বাভিলেখ গঢ়িলে জিম্বাব’ৱে ক্রিকেট দলটোৱে৷ ছিকন্দৰ ৰাজা নেতৃত্বাধীন জিম্বাব’ৱেই আইচিচি পুৰুষ টি–২০ বিশ্বকাপৰ আফ্রিকা ছাব ৰিজ’নেল কোৱালিফায়াৰ ‘বি’ৰ গাম্বিয়াৰ বিপক্ষে খেলা মেচখনত ৩৪৪ ৰান সংগ্রহ কৰি ইতিহাস ৰচনা কৰে৷ আজি অনুষ্ঠিত মেচখনত ৩৪৪ ৰান সংগ্রহ কৰি জিম্বাব’ৱেই ২০২৩ চনত মংগোলিয়ৰ বিপক্ষে নেপালে কৰা ৩১৪ ৰানৰ অভিলেখটো ভংগ কৰে৷ জিম্বাব’ৱেৰ হৈ অধিনায়ক এছ আৰে ৪৩টা বলত অপৰাজিতভাৱে ১৩৩ ৰান কৰাৰ লগতে বি বেনে ২৬টা বলত ৫০, টি মাৰুমে ১৯টা বলত ৬২ আৰু চি মাডাই ১৭টা বলত অপৰাজিতভাৱে ৫৩ ৰান সংগ্রহ কৰে৷

You might also like