নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত শিশু উদ্যান আগুৰিছে বনৰীয়া গছ-লতাই

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ গৰুবন্ধা, বাঁহবেৰা, মিছামাৰী আৰু জীয়াগাভৰু পঞ্চায়তৰ অন্তৰ্গত মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলাকুছিৰ বৰপুখুৰীপাৰ, নবিল পথাৰ গাঁৱৰ দীঘলজুলি নদীৰ পাৰ, ৰিকামাৰীৰ বুধবৰীয়া বজাৰ গাঁৱৰ খেলপথাৰ আদিত চৰকাৰী আঁচনিৰ ধন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা আটাইকেইখন শিশু উদ্যান চাফ-চিকুণৰ অভাৱত সম্প্ৰতি বনৰীয়া গছ-লতাৰে ভৰি পৰিছে ৷ পঞ্চায়ত উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা শিশু উদ্যানসমূহত এতিয়া মানুহৰ বিপৰীতে বনৰীয়া গছ-লতাৰে ভৰি পৰাৰ পাছত তাত চৰাই-চিৰিকটি, বন্য জীৱ-জন্তুৰ বাসস্থলীলৈ ৰূপান্তৰিত হৈছে ৷ পূৰ্বৰ ঢেকীয়াজুলি সমষ্টি আৰু বৰ্তমান বৰছলা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মিছামাৰী অঞ্চলৰ গৰুবন্ধা পঞ্চায়তৰ মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ, বাঁহবেৰা পঞ্চায়তৰ কলাকুছিৰ বৰপুখুৰীপাৰ, মিছামাৰী পঞ্চায়তৰ নবিল পথাৰ গাঁৱৰ দীঘলজুলি নদীৰপাৰ আৰু জীয়াগাভৰু পঞ্চায়তৰ ৰিকামাৰী গাঁৱৰ বুধবৰীয়া বজাৰ গাঁৱৰ খেলপথাৰৰ কাষত পঞ্চায়ত উন্নয়ন পুঁজিৰ লাখ লাখ টকাৰে নিৰ্মাণ কৰা আটাইকেইখন শিশু উদ্যান সম্প্ৰতি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷ উল্লেখ্য যে কলাকুছিৰ বৰপুখুৰী পাৰ আৰু মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নিৰ্মাণ কৰা শিশু উদ্যানত শিশুৰ কিছু খেলা-ধূলাৰ সামগ্ৰীৰ উপৰি সময় অতিবাহিত কৰিব পৰা প্ৰয়োজনীয় সামগ্ৰী বিদ্যমান৷ কিন্তু মিছামাৰী পঞ্চায়তৰ নবিল পথাৰ গাঁৱৰ দীঘলজুলি নদীৰ পাৰত শিশু উদ্যানৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণৰ অন্তত তাত চেগুন গছৰ পুলি ৰুই বনানীকৰণৰ ব্যৱস্থা কৰে ৷ আনহাতে, জীয়াগাভৰু পঞ্চায়তৰ ৰিকামাৰীৰ বুধবৰীয়া বজাৰ গাঁৱৰ খেলপথাৰৰ কাষত নিৰ্মাণ কৰা শিশু উদ্যানখন আধৰুৱাকৈ নিৰ্মাণ কৰি এৰি দিয়াৰ পাছত তাত এতিয়া গৰু-ছাগলী আদি জীৱ-জন্তুৰ চৰণীয়া পথাৰ আৰু জিৰণি ঠাইত পৰিণত হৈছে ৷ মুঠৰ ওপৰত বৃহত্তৰ মিছামাৰী অঞ্চলৰ গৰুবন্ধা, বাঁহবেৰা, মিছামাৰী, জীয়াগাভৰু আদি আটাইকেইখন পঞ্চায়ত এলেকাত শিশু উদ্যান নিৰ্মাণৰ নামত পঞ্চায়ত উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা চৰকাৰী পুঁজিৰ লাখ লাখ টকা পঞ্চায়ত প্ৰতিনিধিসকলে অবাবত ব্যয় কৰা বিষয়টো সকলোৰে দৃষ্টিগোচৰ হৈছে ৷ অঞ্চলটোৰ প্ৰতিখন শিশু উদ্যান নিৰ্মাণৰ নামত চাৰি লাখতকৈ অধিক টকা খৰচ হোৱা বিষয়টো উদ্যান নিৰ্মাণৰ ফলকত স্পষ্ট ৷ কলাকুছিৰ বৰপুখুৰী পাৰত নিৰ্মাণ কৰা শিশু উদ্যান স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহল আৰু গৰুবন্ধাৰ মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা শিশু উদ্যানখন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুকলি কৰিছিল ৷ শিশুৰ শাৰীৰিক, মানসিক বিকাশৰ কাৰণে নিৰ্মাণ কৰা উদ্যানসমূহ পাছলৈ পৰিচালনা আৰু যত্নৰ অভাৱত জৰাজীৰ্ণ অৱস্থালৈ ৰূপান্তৰিত হৈছে ৷ আনহাতে, অঞ্চলটোৰ নবিল পথাৰ গাঁও আৰু ৰিকামাৰী বুধবৰীয়া বজাৰ গাঁৱত শিশু উদ্যান নিৰ্মাণৰ নামত আবণ্টিত ধন বনানীকৰণৰ দৰে কামত ব্যৱহাৰ কৰি নিৰ্মাণকাৰী পঞ্চায়ত তথা বিভাগীয় কৰ্তৃপক্ষই ৰাইজক আভুৱা-ভাঁৰিছে৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে চৰকাৰী আঁচনিৰ ধন শৰাধ তথা খেলিমেলি কৰা বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া সময়ে সময়ে পৰিলক্ষিত হোৱাৰ সময়ত মিছামাৰীৰ শিশু উদ্যান নিৰ্মাণকাৰীসকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক ৷

প্ৰেৰক বগা তপ্ন

You might also like