নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিঙৰ ধৰ্মপ্ৰাণ মহিলা সোণালী কাকতিৰ মৃত্যু

🔹 দল-সংগঠনৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : শিৱসাগৰ জিলাৰ চাৰিং কাকতি গাঁও নিৱাসী বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা সোণালী কাকতিৰ আজি পুৱতি নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি হোৱা ঘটনাই বৃহত্তৰ চাৰিং অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ মৃত্যুৰ সময়ত সোণালী কাকতিৰ বয়স হৈছিল প্ৰায় ৬৫ বছৰ ৷ অঞ্চলটোৰ বিভিন্ন ধৰ্মীয়-সামাজিক অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত সোণালী কাকতি কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ শেহতীয়াকৈ চিকিৎসাৰ সুফল লাভ কৰাত আংশিক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা আনি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও আজি পুৱতি নিশা মৃত্যু হয় ৷ মৃত্যুৰ সময়ত সোণালী কাকতিয়ে জ্যেষ্ঠ সাংবাদিক কৌস্তভ মণি কাকতিসহ দুজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীৰে এটা বৃহত পৰিয়াল এৰি যায় ৷ সোণালী কাকতিৰ শেষকৃত্য আজি পুৱা নিজ গৃহৰ সমীপতে বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ৷ তেওঁৰ মৃত্যুত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড০ সব্যসাচী মহন্ত, জিলা সাংবাদিক সংস্থা, জিলা ই-মিডিয়া সংস্থা, গৌৰীসাগৰ প্ৰেছ ক্লাব, জিলা ছাত্ৰ সন্থা, আছুৰ কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি পংকজ খাউণ্ড, বীৰ লাচিত সেনাৰ শৃংখল চলিহা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰশমণি দাস, জাতীয় সংগ্ৰামী সেনা, অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like