নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগ্ন বাঁহৰ দলঙৰ পৰা পৰি বিজেপিৰ প্ৰাক্তন জিলা সম্পাদকৰ মৃত্যু

🔹 নলবাৰীৰ সুৰাদীত কৰুণ ঘটনা
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : নলবাৰী জিলাৰ সুৰাদীত এখন বাঁহৰ দলঙৰ পৰা পৰি নলবাৰী জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক ভগৱান দাস (৫৫)ৰ শোকাৱহভাৱে মৃত্যু হোৱাত ৰাজ্যখনৰ পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াৰ লগতে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই কন্যাৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায়। আনফালে, এই ঘটনাই শোকাকুল কৰি তুলিছে অঞ্চলবাসীক । জানিব পৰা মতে, কালি নিশা আখৰা চ’কৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাত ভগ্ন বাঁহৰ দলংখনৰ পৰা পৰি যায় ভগৱান দাস। তাৰ পিছতেই ততাতৈয়াকৈ তেওঁক নলবাৰীৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি দুৰ্বল আছিল, সেই সময়ৰ পৰাই নিষ্ঠা সহকাৰে দলৰ ভেটি সুদৃঢ় কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত হৈ আছিল দাস ।তেওঁ পূৰ্বতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী স্বয়ংসেৱক থকাৰ উপৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক আৰু টিহু মণ্ডল বিজেপিৰ অন্তৰ্গত সুৰাদী বুথৰ প্ৰাক্তন সভাপতি আছিল৷ তেওঁৰ অকাল মৃত্যুৱে পৰিয়াল, আত্মীয়-স্বজনক মৰ্মাহত কৰি তুলিছে৷ পূৰ্বৰ বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত সম্প্ৰতি নৱগঠিত টিহু বিধানসভা সমষ্টিৰ পূব নাম্বৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ সুৰাদী অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল নোহোৱা বাবে এইদৰে ভগ্ন বাঁহৰ দলংখনেৰে যাতায়াত কৰিবলগীয়া হয় সুৰাদীৰ আলিকাষ চুবুৰিবাসীয়ে। বাৰম্বাৰ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে বৰমা সমষ্টিৰ বিধায়কগৰাকীক পথটোৰ লগতে বাঁহৰ দলঙৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ বাবে আবেদন জনাই আহিছিল যদিও আজিলৈ চুবুৰিটোৰ যাতায়াত সুচল হৈ নুঠিল। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও উক্ত অঞ্চলবাসী ৰাইজৰ অভাৱ-অভিযোগ দূৰীকৰণৰ লগতে বাঁহৰ দলংখনৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিছিল যদিও আজিকোপতি দলং নিৰ্মাণ নোহোৱা বাবেই এই শোকাৱহ ঘটনা সংঘটিত হয় ৷ আজি পুৱাই তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছত বিজেপি দ’লৰ বিভিন্ন নেতা-কৰ্মীৰ লগতে বিভিন্নগৰাকী গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ পিছত এক শোকাকুল পৰিৱেশৰ মাজেৰে জিলাখনৰ গোৱৰাদলস্থিত ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like