নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ বৰদলত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ

🔹 কমলজ প্রাথমিক শাখাৰ ব্যৱস্থাপনাত ৯ নৱেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : ৰঙিয়াৰ বৰদলত অহা ৯ নৱেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূব ৰঙিয়া আঞ্চলিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে । কমলজ প্রাথমিক শাখাৰ ব্যৱস্থাপনাত আৰু ৰাইজৰ সহযোগত দক্ষিণ বৰদলৰ কমলজ প্রাথমিক শাখাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিতব্য উক্ত কাৰ্যসূচীৰ বাবে ৰঞ্জিত নাথক সভাপতি, উমেশ দাসক কাৰ্যকৰী সভাপতি আৰু বিজয় শংকৰ নাথক সম্পাদক হিচাপে লৈ এখন আদৰণী সমিতি গঠন কৰা হৈছে । কাৰ্যসূচী অনুসৰি, পুৱাৰ ভাগত প্রাথমিক শাখাৰ সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ পিছত গুৰু আসন প্রতিষ্ঠা কৰা হ’ব। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি নাম-প্রসংগৰ পিছত মূল তোৰণ উন্মোচন কৰিব দীপক ডেকাই । ইয়াৰ পিছত ভোজনালয়ৰ তোৰণ উন্মোচন কৰিব সমাজকৰ্মী বাহাৰুল ইছলামে । গছপুলি ৰোপণৰ পিছত দিহানাম আৰু সাহিতা শাখাৰ কুইজ, বক্তৃতা, কবিতা আবৃ্ত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্রতিনিধি সভাগৃহৰ দ্বাৰ উন্মোচন কৰিব শিক্ষক মহেশ্বৰ ৰাজবংশীয়ে। দিনৰ ভাগত আঞ্চলিক শাখাৰ কাৰ্যনিৰ্বাহক আৰু প্ৰাথমিকসমূহৰ সভাপতি- সম্পাদকসকলৰ যুটীয়া সন্মিলন অনুষ্ঠিত হ’ব । সন্ধিয়া বন্তি প্রজ্বলন কৰিব পূব ৰঙিয়া আঞ্চলিক শাখাৰ নৰেশ্বৰ কলিতা, চন্দ্ৰধৰ কলিতা, ৰজত ৰাজবংশী আৰু বৃহস্পতি বড়োৱে । দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ, প্রাতঃ প্রসংগ, নাম-প্রসংগ, ধৰ্মধ্বজা উত্তোলনৰ পিছত ভাগৱত শোভাযাত্রা মুকলি কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰাক্তন সদস্য অতুল চন্দ্ৰ ডেকাই। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মঞ্চ উদ্বোধন কৰিব জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া নিৰোদ চন্দ্র নাথে । ইয়াৰ পিছত সংঘৰ পূব ৰঙিয়া আঞ্চলিক শাখাৰ সভাপতি খগেন চন্দ্র দাসৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্বোধন কৰিব মূলৰ সদস্য হৰেশ্বৰ ডেকাই । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সংঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই । নির্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব যুৱ সাংবাদিক এঞ্জেলা চাংমায়ে, বিশেষ সন্মানীয় অতিথি হিচাপে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া আৰু ভুবনেশ্বৰ কলিতা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকিব ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like