নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ খুঁটাপোতা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত খুঁটাপোতা প্ৰাথমিক বিদ্যালয়ত বছৰৰ পাছত বছৰ ধৰি ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ চলি থকা বুলি খবৰ পোৱা গৈছে ৷ ১৯৫৬ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলে সুশিক্ষা প্ৰদান কৰি অহাৰ ফলত আৰম্ভণিৰ পৰাই স্থানীয় ৰাইজে তেওঁলোকৰ ল’ৰা-ছোৱালীক নামভৰ্তি কৰাই আহিছে বুলি জানিবলৈ দিছে ৷ প্ৰয়াত থানেশ্বৰ বৰঠাকুৰে খুঁটাপোতা প্ৰাথমিক বিদ্যালয়ক প্ৰতিষ্ঠা কৰি ১৯৯১ চনত শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু এবছৰৰ পাছত অৰ্থাৎ ১৯৯২ চনত তেওঁৰ সুযোগ্য পুত্ৰ ৰঞ্জন বৰঠাকুৰ বিদ্যালয়খনত অৱসৰপ্ৰাপ্ত শিক্ষক পিতৃ থানেশ্বৰ বৰঠাকুৰৰ স্থলাভিষিক্ত হৈ বৰ্তমান পৰ্যন্ত বিদ্যালয়খনত মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ আছে ৷ প্ৰয়াত পিতৃ থানেশ্বৰ বৰঠাকুৰক অনুকৰণ কৰি ৰঞ্জন বৰঠাকুৰে বিদ্যালয়খনত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল যদিও বৰ্তমান তেওঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পদত সেৱা আগবঢ়াই আছে ৷ স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ পৰা জনা মতে, তেওঁ ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উপৰি চৰকাৰী আৰু বিভাগীয় কাৰ্যালয়ে সময়ে সময়ে জাৰি কৰা নীতি-নিৰ্দেশনাক নিষ্ঠা সহকাৰে পালন কৰি আহিছে ৷ সমান্তৰালভাৱে বিদ্যালয়খনত শিক্ষকতা তথা সেৱা আগবঢ়াই অহা সহকৰ্মী শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁ সমদৃষ্টিৰে চাই আহিছে বুলি জানিবলৈ দিছে ৷ শিক্ষক ৰঞ্জন বৰঠাকুৰে ঘৰৰ পৰা কৰ্মক্ষেত্ৰ বিদ্যালয়লৈ ওলাই যোৱাৰ পাছত বিদ্যালয়খনক আপোন ঘৰৰ দৰে গুৰুত্ব প্ৰদান কৰাত খুঁটাপোতা প্ৰাথমিক বিদ্যালয়খনত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে ৷  উল্লেখ্য যে যি সময়ত চৰকাৰী বিদ্যালয়ত ভাল শিক্ষাৰ অভাৱত ছাত্ৰ-ছাত্ৰী হ্ৰাস হোৱা, অভিভাৱকসকলে নিজৰ ল’ৰা-ছোৱালীক চৰকাৰী স্কুলৰ সলনি প্ৰাইভেট স্কুলত নামভৰ্তি কৰা, ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ দৰে ঘটনা চলি থকাৰ সময়ত খুঁটাপোতা প্ৰাথমিক বিদ্যালয়ত বৰ্তমান ১৮০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে ৷ পৰিতাপৰ বিষয় যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক ৷ জানিব পৰা মতে, যোৱা ২০২৩ বৰ্ষত বিদ্যালয়খনলৈ ৫গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বিভাগীয় কাৰ্যালয়ে পৃথকে বদলি কৰিছিল, কিন্তু আব্দুল কাদিৰ নামৰ শিক্ষকগৰাকীৰ বাহিৰে বিদ্যালয়খনলৈ বদলি কৰা কোনো শিক্ষক-শিক্ষয়িত্ৰী যোগদান নকৰিলে বুলি জানিবলৈ দিছে ৷ বিদ্যালয়খনলৈ বদলি কৰা শিক্ষকসকল আছিল ১৭৯ তৰাজান বঙালী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ মহানন্দক ২০২৩ চনৰ ৩০ আগষ্টত, একেখন বিদ্যালয়ৰ নৱনীতা বেজবৰুৱাক ২০২৩ চনৰ ২ ছেপ্টেম্বৰত আৰু ২০২৩ চনৰ ২২ ছেপ্টেম্বৰত ক্ৰমে ১৭৯ তৰাজান বঙালী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱনীতা বেজবৰুৱা, ঢেকীয়াজুলি চহৰৰ লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুল কাদিৰ আৰু ঢেকীয়াজুলি টাউন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিজুলী বৰ্মনক এক নিৰ্দেশনাৰ জৰিয়তে খুঁটাপোতা প্ৰাথমিক বিদ্যালয়ত বদলি কৰিছিল ৷ ইয়াৰে আব্দুল কাদিৰ নামৰ শিক্ষকগৰাকীয়ে বিদ্যালয়খনত যোগদান কৰে যদিও মাত্ৰ ৬ মাহ পাঠদান কৰাৰ পাছত শিক্ষকগৰাকীক পুনৰ বদলি হৈ অহা বিদ্যালয় লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়লৈ ওভতাই লৈ যায় ৷ বৰ্তমান বিদ্যালয়খনত প্ৰধান শিক্ষকসহ তিনিগৰাকী শিক্ষক ছাত্ৰ-ছাত্ৰীৰ পাঠদানত ব্ৰতী আছে যদিও সেয়া যথেষ্ট নহয় বুলি বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকসকলে সদৰী কৰিছে ৷

প্ৰেৰক বগা তপ্ন

You might also like