নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম অসমৰ বিশিষ্ট কবি-সাহিত্যিক কাছেমা খাতুনৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : পশ্চিম অসমৰ বিশিষ্ট কবি, প্রবন্ধকাৰ, চুটিগল্প লেখিকা কাছেমা খাতুন আৰু নাই। শেহতীয়াকৈ ব্রেইনষ্ট্ৰোক হৈ যোৱা প্ৰায় এমাহ ধৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি হৈ আছিল আৰু কালি চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কৃতী শিক্ষয়িত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ। গৌৰীপুৰৰ তেলীপাৰা গাঁৱত ১৯৫১ চনৰ ২৬ জুনত জন্মগ্রহণ কৰা কাছেমা খাতুনে দক্ষিণ শালমাৰাৰ জে বি স্কুলত শিক্ষা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত গৌৰীপুৰৰ প্রমথেশ বৰুৱা মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল আৰু পিছলৈ গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰে। গৌৰীপুৰৰ মুড়িৱালী ঘাটৰ খুৰিয়াবাৰী এল পি স্কুলৰ পৰা শিক্ষকতা জীৱন আৰম্ভ কৰে খাতুনে। বলদমাৰা এল পি স্কুলৰ পৰা ২০০৩ বৰ্ষত তেওঁ অৱসৰ লয়। আজীৱন কুমাৰী খাতুনৰ গোৱালপাৰীয়া লোকসংস্কৃতিৰ বিষয়ে লিখা তথ্য আৰু তত্ত্ব সম্বলিত প্রবন্ধসমূহে পঢ়ুৱৈ সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁ অসমীয়া ভাষাৰ উপৰি হিন্দী, ইংৰাজী, নেপালী, বাংলা আৰু গোৱালপাৰীয়া (দেশী) ভাষাত লিখিছিল। ১৯৯৭ চনত উত্তৰ বংগ নাট্য জগতে তেওঁক ‘গুণীজন’ বুলি সম্বৰ্ধনা জনাইছিল। ১৯৯৮ চনত মুৰ্ছিদাবাদৰ পৰা ৰহিলা বঁটা লাভ কৰিছিল তেওঁ। ২০০২ত তেওঁক কৃতী শিক্ষয়িত্ৰীৰ বঁটা প্ৰদান কৰে দেশৰ ৰাষ্ট্রপতিয়ে। অসম সাহিত্য সভাৰ অৰ্চনা চক্ৰৱৰ্তী ন্যাস বঁটাও লাভ কৰিছে তেওঁ। ২০০৫ত ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে শিক্ষয়িত্ৰীগৰাকীলৈ বঁটা প্ৰদান কৰে। তেনেদৰে বাংলা ভাষাত কবিতা, গল্প আৰু উপন্যাস লিখাৰ বাবে ২০১২ত চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ ইণ্টাৰনেচনেল ইউনিভাৰ্ছিটীয়ে তেওঁক বঁটা প্ৰদান কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল- লবেজান (কাব্য সংকলন), পৃথিৱীৰ দুৱাৰ বিচাৰি (কাব্য সংকলন), তোমাৰ বাবে (কাব্য সংকলন), নিধুৱা পাথাৰ (কাব্য সংকলন- গোৱালপাৰীয়াত), নির্জন সৈকত (কাব্য সংকলন- বাংলাত), অনুভূতি (কাব্য সংকলন), গোৱালপৰীয়া অভিধান, ডেমু (পুস্তিকা-গোৱালপাৰীয়াত), জন্ম : যন্ত্রণা : আশা ইত্যাদি (চুটি গল্প) আদি। 

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like