নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ আছাম পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চাৰি শিক্ষাৰ্থীক সম্বৰ্ধনা

🔹 ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন চাৰি শিক্ষাৰ্থীৰ 
নিয়মীয়া বাৰ্তা,  ২৭ অক্টোবৰ : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজা পাৰদৰ্শিতাৰে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা দুলীয়াজানস্হিত আছাম পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চাৰিগৰাকী শিক্ষাৰ্থীক কালি বিদ্যালয়ৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত বাণিজ্য বিভাগৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মৈত্ৰেয়ী বড়া, নৱম শ্ৰেণীৰ ছাত্ৰ স্নিগ্ধানুভৱ খাকলাৰী, সপ্তম শ্ৰেণীৰ ছাত্র অৰ্থৱ ৰাজ বড়া আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ উদ্ধৱ ফুকনক ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ ছান চিটীত অনুষ্ঠিত কমনৱেলথ ছাব-জুনিয়ৰ পাৱাৰলিফটিঙত চাৰিটাকৈ স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল মৈত্ৰেয়ী বড়াই। পাৱাৰলিফটিঙত এই সফলতা লাভ কৰা মৈত্ৰেয়ী অসমৰ প্ৰথমগৰাকী মহিলাৰূপে স্বীকৃতি লাভ কৰিছে। একেদৰে স্নিগ্ধানুভৱে চি বি এছ ই ক্লাষ্টাৰ মীট, ইষ্ট জ’নত প্ৰতিনিধিত্ব কৰি এথলীটত ৰূপৰ পদক লাভ কৰে। অৰ্থৱ ৰাজে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা খোলবাদনত ৰাষ্ট্ৰীয় বাৰ্ষিক জলপানি লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে উদ্ধৱ ফুকনে ১১ বছৰ অনূৰ্ধ্ব শাখাত থাইলেণ্ডত অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান স্কুল দবাখেল প্ৰতিযোগিতাত  প্ৰতিনিধিত্ব কৰাৰ লগতে বিভিন্ন ৰাজ্য আৰু জিলা পৰ্যায়ত চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ বিষয় শিক্ষক সুকন্যা সেনগুপ্তাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটো কৃষ্ণ বন্দনাৰে মুকলি কৰা হয়। এই অনুষ্ঠানত এছ এম চিৰ সভাপতি এছ কে নন্দী, আছাম পাব্লিক স্কুলৰ চেয়াৰমেন জাপান থাপা, বিদ্যালয়ৰ  অধ্যক্ষা ড০ আৰ কমলাপুৰী, এছ এম চিৰ সদস্য অইল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তৰুণ কুমাৰ সিং, শিক্ষক-অভিভাৱক সংস্থাৰ সভাপতি দুগ্ধ বড়া, সম্পাদক ত্ৰিদিব তামুলী, যুটীয়া সম্পাদক সোমনাথ বসু প্ৰমুখ্য কৰি দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈ, সাংবাদিক কৃষ্ণা গগৈ, অজয় সিংহ, আজিজ উল্লাহ আৰু শৈলেন গগৈয়ে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক আৰু প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়। ]

 

প্ৰেৰক কৃষ্ণা গগৈ

You might also like