নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ মাহত অসমত ধৃত ১৩৮ বাংলাদেশী অনুপ্রৱেশকাৰী

🔹 ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ অবৈধভাৱে প্রৱেশ বাংলাদেশীৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পাছত অসম–বাংলাদেশ সীমান্তত বিএছএফ আৰু অসম আৰক্ষীয়ে সতর্ক দৃষ্টি ৰাখিছে৷ বিএছএফৰ লগত অসম আৰক্ষীয়ে সু-সম্পর্ক ৰক্ষা কৰি সীমান্তত চোকা দৃষ্টি ৰখাৰ পৰিপ্রেক্ষিততে যোৱা দুটা মাহত বাংলাদেশৰ পৰা অবৈধভাৱে প্রৱেশ কৰা ১৩৮জন অনুপ্রৱেশকাৰীক আটক কৰি ওভতাই পঠিয়াবলৈ সক্ষম হৈছে৷ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰ পাছত হিন্দু বাংলাদেশী অসমলৈ আহিব বুলি যি ধাৰণা কৰা হৈছিল, তাৰ বিপৰীতে মুছলমান বাংলাদেশীহে অহা দেখা গৈছে৷ হিন্দু বাংলাদেশী আহিব বুলি কৰা ধাৰণাটো ভুল প্রতিপন্ন হৈছে৷ অৱশ্যে একে সময়তে ৰহিংগ্যায়ো অসম–বাংলাদেশ সীমান্তৰে ৰাজ্যখনত অনুপ্রৱেশ কৰি আন ৰাজ্যলৈ যোৱাৰ চেষ্টা কৰি আছে৷ বাংলাদেশী অনুপ্রৱেশকাৰী ৰোধৰ ক্ষেত্রত অসম আৰু ত্রিপুৰা চৰকাৰে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে৷ কিন্তু বহু সময়ত অসমৰ পৰা খেদি পঠিওৱা অবৈধ অনুপ্রৱেশকাৰী পশ্চিমবংগ সীমান্তৰে অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাংলাদেশী অবৈধ অনুপ্রৱেশকাৰী ৰোধৰ ক্ষেত্রত অসম, ত্রিপুৰা, মেঘালয় আৰু পশ্চিমবংগই সমন্বয় ৰক্ষা কৰি কাম কৰিব লাগিব৷ তেতিয়াহে অনুপ্রৱেশ ৰোধ হ’ব৷

You might also like