ইনষ্টাগ্ৰামত আৰম্ভ হোৱা এক প্ৰেম কাহিনীয়ে অৱশেষত আদালতৰ মজিয়া পালেগৈ। কেঞ্চাৰৰ সৈতে যুঁজ দি থকা এজন যুৱকে অভিযোগ উত্থাপন কৰিছে যে আইনগতভাৱে বিবাহ বিচ্ছেদ নোহোৱাকৈ তেওঁৰ পত্নীয়ে আন এজন যুৱকক বিয়া কৰাইছে। অভিযোগৰ প্ৰাথমিক ভিত্তি সন্তোষজনক বুলি বিবেচনা কৰি আদালতে মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে একাধিকবাৰ হাজিৰ নোহোৱাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।
মধ্যপ্ৰদেশৰ ৰতলামৰ ৰাজস্ব কলনীৰ বাসিন্দা আকাশ জাটৰ সৈতে সাক্ষী নাকুমৰ পৰিচয় হৈছিল ইনষ্টাগ্ৰামৰ জৰিয়তে। বন্ধুত্বৰ পৰা আৰম্ভ হোৱা সম্পৰ্ক অলপ সময়ৰ ভিতৰতে প্ৰেমলৈ ৰূপান্তৰিত হয়। তাৰ পিছত ২০২২ চনৰ ২০ নৱেম্বৰত ইন্দোৰৰ আৰ্য সমাজ মন্দিৰত দুয়োজনে বিবাহপাশত আবদ্ধ হয়। পৰৱৰ্তী সময়ত পৰিয়ালৰ সন্মতি লাভ কৰাৰ পিছত ১৩ ডিচেম্বৰ ২০২২ত সামাজিক ৰীতি-নীতি অনুসৰি পুনৰ বিবাহ সম্পন্ন কৰা হয়।
বিয়াৰ কেইমাহমান পিছতে আকাশৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। চিকিৎসাৰ বাবে তেওঁক গুজৰাটৰ বদোদৰালৈ নিয়া হয়, য’ত ২০২৩ চনৰ ১০ এপ্ৰিলত চিকিৎসকে তেওঁৰ শ্বাসনলী (ট্ৰেকিয়া)ত কেঞ্চাৰ ধৰা পৰাৰ কথা নিশ্চিত কৰে।
আকাশৰ অভিযোগ অনুসৰি, এই ৰোগৰ কথা জানিব পাৰাৰ পিছতেই পত্নীৰ আচৰণ সম্পূৰ্ণ সলনি হৈ যায়। তেওঁৰ দাবী, পত্নীয়ে সহায় কৰাৰ পৰিৱৰ্তে দূৰত্ব বজাই ৰাখিছিল আৰু আনকি কৈছিল, “তুমি কাইলৈ মৰি যাবা, মোৰ কি হ’ব?”
আকাশে অভিযোগ কৰে যে তেওঁ চিকিৎসাধীন হৈ থকাৰ সময়তে পত্নীয়ে তেওঁৰ বিৰুদ্ধে মহিলা থানাত মাৰপিটৰ অভিযোগ দাখিল কৰিছিল। যদিও চিকিৎসাজনিত নথিপত্ৰ পৰীক্ষাৰ পিছত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
ইয়াৰ পিছত সাক্ষীয়ে পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে। কিন্তু সেই গোচৰ আদালতত বিচাৰাধীন হৈ থকাৰ মাজতে ২০২৪ চনৰ ১০ জুনত তেওঁ ছতৰপুৰৰ এজন যুৱকক বিয়া কৰে। জানিব পৰা মতে, এই বিবাহৰ পৰা তেওঁলোকৰ এটি কন্যা সন্তানও আছে।
এই তথ্য পোৱাৰ পিছত আকাশে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰি তেওঁৰ অধিবক্তা ৰজনীশ শৰ্মাৰ জৰিয়তে আদালতত ফৌজদাৰী অভিযোগ দাখিল কৰে।
ইফালে, ২০২৬ চনৰ ১৮ এপ্ৰিলত পৰিয়াল আদালতে সাক্ষীৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰি দিয়ে। আদালতে পৰ্যবেক্ষণ কৰে যে পত্নীয়ে উত্থাপন কৰা বহু অভিযোগ নথিপত্ৰৰ সৈতে সংগতি নাখায়। লগতে, সেই সময়ত আকাশ কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ সৈতে যুঁজ দি থকাৰ কথাও আদালতে উল্লেখ কৰে।
ইয়াৰ পিছত ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণী (JMFC) আদালতে প্ৰথম বিবাহ বাহাল থকা অৱস্থাত দ্বিতীয় বিবাহ কৰাৰ অভিযোগত ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ৮২(১) অনুসৰি গোচৰ ৰুজু কৰে।
আদালতে একাধিকবাৰ চমন জাৰি কৰাৰ পিছতো অভিযুক্তা হাজিৰ নোহোৱাত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে আৰু ২৫ জুলাই, ২০২৬ তাৰিখে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।
ব্যক্তিগত জীৱনতো আকাশৰ ওপৰত নামি আহে একৰ পিছত এক দুৰ্ভাগ্য। কেঞ্চাৰৰ চিকিৎসা চলি থকাৰ সময়তে ২০২৩ চনৰ ১৯ জুনত তেওঁৰ পিতৃ বংশীলাল জাটৰ মৃত্যু হয়। কিছুদিন পিছতে মাক সুশীলা জাটো মৃত্যুমুখত পৰে।
বৰ্তমান আকাশ অকলশৰে বাস কৰি আছে আৰু চিকিৎসা তথা দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে বন্ধু-বান্ধৱৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল। তেওঁৰ হৈ অধিবক্তা ৰজনীশ শৰ্মাই কোনো ধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ গোচৰটো পৰিচালনা কৰি আছে। আকাশে কয় যে, তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত পূৰ্ণ আস্থা ৰাখিছে আৰু আদালতৰ পৰাই ন্যায় লাভ কৰাৰ আশা কৰিছে।
ডিজিটেল ডেস্ক, ২১ জুলাই