নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচিত ৮৭সংখ্যক স্থান লাভেৰে উজলিল সৰুপেটাৰ আকাশনীল

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ অনন্য কৃতিত্বৰ অধিকাৰী আকাশনীল শৰ্মাই সদ্যঘোষিত ইউ পি এছ চি অৰ্থাৎ কেন্দ্ৰীয় অসামৰিক সেৱাৰ ২০২৩ বৰ্ষৰ মূল পৰীক্ষাৰ সংৰক্ষিত তালিকাত ৮৭সংখ্যক স্থান লাভ কৰাৰ বাতৰিয়ে বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজক গৌৰৱান্বিত কৰা পৰিলক্ষিত হৈছে।আকাশনীল শৰ্মাই সম্প্ৰতি দেশৰ ইউ পি এছ চিৰ দৰে এক জটিল অথচ গুৰুত্বপূৰ্ণ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ, ইণ্ডিয়ান ইনফৰ্মেচন ছাৰ্ভিচ অথবা কেন্দ্ৰীয় ১০/১২টা বিভাগৰ যিকোনো এটাত যোগদান কৰাৰ পথ প্ৰশস্ত হৈছে। উল্লেখ্য, ২০২৩ বৰ্ষৰ উক্ত পৰীক্ষা কেন্দ্ৰীয় মুঠ ২১টা বিভাগৰ বাবে অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে।আকাশনীলৰ পিতৃ অশ্বিনী শৰ্মা আৰু মাতৃ মিতালী চক্ৰৱৰ্তী শৰ্মা উভয়ে পেছাত একোগৰাকী চিকিৎসক। চিকিৎসক পিতৃ অশ্বিনী শৰ্মাৰ ঘৰ সৰুপেটাৰ সমীপৰ দক্ষিণ ভালাগুৰী গাঁওত। অৱশ্যে আকাশনীলৰ জন্ম নলবাৰী চহৰত।আকাশনীলে প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ইংৰাজী মাধ্যমত গুৱাহাটীতে শিক্ষা গ্ৰহণৰ পিছত দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অনন্য মেধাৰ অধিকাৰী কৃতিমান ছাত্ৰ গৰাকীয়ে ইয়াৰ পিছতেই দিল্লীৰ জে এন ইউ বিশ্ববিদ্যালয়ত দুবছৰ অধ্যয়ন কৰাৰ পিছত উক্ত বিশ্ববিদ্যালয়ৰ পৰাই একেটা বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।সম্প্ৰতি অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদত থকা আকাশনীলে এই সাংবাদিকৰে বাৰ্তালাপত সৰুৰে পৰাই সমাজ সেৱাৰ আশা মনতে পুহি  ৰখাৰ কথা জানিবলৈ দিয়ে যদিও উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পিছতে ভাৰতীয় এগৰাকী প্ৰশাসনীয় বিষয়া হিচাপে সমাজলৈ সেৱা আগবঢ়োৱাৰ মানসেৰে ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা জানিবলৈ দিয়ে। অৱশ্যে এয়া তেওঁৰ তৃতীয়বাৰৰ প্ৰচেষ্টা বুলিও একেটা সূত্ৰতে তেওঁ জানিবলৈ দিয়ে। প্ৰথম দুয়োটা পৰীক্ষাতে প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হ’লেও মূল পৰীক্ষালৈ উত্তীৰ্ণ হোৱা এইবাৰেই প্ৰথম বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে পৰীক্ষালৈ প্ৰস্তুতি চলোৱাৰ বিষয়ে আভাষ দি দিল্লীত পঢ়ি থকা কালতেই তাতেই এবছৰ ক’চিং লোৱাৰ বিষয়ে জানিবলৈ দিয়ে। আনহাতে স্নাতকোত্তৰ মহলাত অধ্যয়ন সমাপ্ত হোৱাৰ পিছতে পুনৰ তেওঁ গুৱাহাটীৰ ঘৰলৈ ঘূৰি আহি অন্‌ লাইনৰ জৰিয়তে ক’চিং লোৱাৰ কথা জানিবলৈ দিয়ে।দৈনিক ৮/৯ ঘণ্টা নিয়মীয়াকৈ অধ্যয়ন কৰা আকাশনীলে নিজস্বভাবে ‘ষ্টাডী মেটেৰিয়েল’ সংগ্ৰহ কৰাৰ লগতে বাকীখিনিৰ কাৰণে অন্‌ লাইনৰ সহায় লোৱাৰ কথা জানিবলৈ দিয়ে।আনহাতে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য প্ৰাসঙ্গিক বিষয় অধ্যয়ন কৰাৰ লগতে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলী সম্পৰ্কীয় জ্ঞান লাভৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী বাতৰি কাকতৰ নিয়মীয়া পাঠক হোৱাটো অত্যন্ত জৰুৰী বুলিও মন্তব্য কৰে।তেওঁৰ মতে নিজকে এগৰাকী ভাৰতীয় সেৱাৰ প্ৰশাসনীয় বিষয়া হিচাপে গঢ়ি তোলাৰ কাৰণে ৰাজ্য-ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলী,ৰাজনৈতিক পৰিস্থিতি আৰু আৰ্থ-সামাজিক ব্যৱস্থাৱলীৰ প্ৰেক্ষাপট সম্পৰ্কীয় সম্যক জ্ঞান অত্যন্ত জৰুৰী বুলিও তেওঁ মন্তব্য কৰে।পূৰ্বৰ তুলনাত অসমীয়া ল’ৰা-ছোৱালীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈ কিছু পৰিমাণে সফল হৈছে যদিও এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধিক কৰণীয় আছে বুলিও তেওঁ মন্তব্য কৰে।চৰকাৰে উপযুক্ত তথা ইচ্ছুক কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক কিছু পৰিমাণে আৰ্থিক সহায়-সহযোগিতা আগবঢ়ালেও ৰাজ্যখনত সুলভ মানসম্পন্ন বিনামূলীয়া ক’চিং ব্যৱস্থা গঢ়ি তোলাটো অত্যন্ত জৰুৰী বুলিও তেওঁ মত প্ৰকাশ কৰিলে।
প্ৰেৰক ভূষণ তালুকদাৰ
You might also like